ভাৰতত ৱাকফ সংশোধনী আইন সন্দৰ্ভত চলি থকা বিতৰ্কক লৈ সংযুক্ত আৰব আমিৰশ্বাহীৰ এজন ইমামে এক ডাঙৰ বক্তব্য দিছে, যিয়ে সকলোকে স্তম্ভিত কৰি তুলিছে। গ্ল’বেল ইমাম কাউন্সিলৰ গভৰ্নিং মেম্বাৰ মহম্মদ তাৱহিদীয়ে ভাৰতীয় মুছলমানসকলক ৱাকফ ব’ৰ্ড সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে।
মহম্মদ তাৱহিদীয়ে কয় যে, ৱাকফ ব’ৰ্ডৰ চৰকাৰী নিৰীক্ষণ অতি প্ৰয়োজনীয়। লগতে তেওঁ কয় যে ৱাকফ ব’ৰ্ড কেৱল মুছলমানৰ বাবেই নহয় বৰঞ্চ ই হিন্দু, অন্য ধৰ্মৰ লোক আৰু সমগ্ৰ মানৱ জাতিৰ বাবেই উপযোগী হ’ব লাগে।
মহম্মদ তাৱহিদীয়ে কয় যে, তেওঁ বিশ্বাস কৰে যে, ৱাকফ ব’ৰ্ডে ইছলাম, মুছলমান সমাজ আৰু সমগ্ৰ মানৱতাৰ সেৱাত গুৰুত্ব দিব লাগে, ঠিক যেনেকৈ তেওঁলোকে ইউ এ ইত কৰি আছে। ধৰ্মীয় অনুষ্ঠানসমূহে আইন অনুসৰণ কৰি ইতিবাচক দৃষ্টিভংগীৰে সমাজৰ কল্যাণৰ বাবে কাম কৰিব লাগে বুলিও তেওঁ কয়।
তাউহিদীয়ে কয় যে, ইউ এ ইৰ ৱাকফ ব’ৰ্ডসমূহে সম্পূৰ্ণ পেছাদাৰীভাৱে কাম কৰে। আইনগতভাৱে শক্তিশালী, সমাজত অতিশয় সন্মান লাভ কৰা, এই ব’ৰ্ডসমূহে দেশৰ বিভিন্ন প্ৰান্তত দেশৰ মুছলমান ধৰ্মীয় গাঁথনি উন্নত পদ্ধতিৰে পৰিচালনা কৰে।
ভাৰতীয় মুছলমানসকলক পৰামৰ্শ দি মহম্মদ তাৱহিদীয়ে কয় যে, ইউ এ ইয়ে নিজৰ দেশৰ সকলো ধৰ্ম আৰু ধৰ্মীয় স্থানৰ বাবে এক উত্তম আদৰ্শ দাঙি ধৰিছে, যি সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ বাবে আদৰ্শ হ’ব পাৰে।
তেওঁ কয় যে ৱাকফ ব’ৰ্ড কেৱল মুছলমানসকলৰ বাবেই নহয়, মন্দিৰ, গীৰ্জা আৰু অন্যান্য উপাসনা স্থানৰ বাবেও। গতিকে এই আইনৰ অধীনত সকলোকে সুৰক্ষা আৰু সন্মান দিয়া হয়। তাৱিদীয়ে স্পষ্টকৈ কয় যে, এই সকলোবোৰৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। সকলোৰে বাবে আইন একে আৰু সকলোৱে ইয়াক মানি চলিব লাগে।