পশ্চিম বংগত ক্ষমতা সলনি হোৱাৰ পিছৰে পৰা পূৰ্বৰ চৰকাৰৰ প্ৰতি জনতাৰ ক্ষোভ স্পষ্ট হৈ পৰে। টিএমচিৰ নেতা অভিষেক বেনাৰ্জীক কণীৰে আঘাত কৰাৰ বিপৰীতে কল্যাণ বেনাৰ্জীকো আক্ৰমণ কৰা হয়। এতিয়া টিএমচিৰ বিধায়ক মদন মিত্ৰৰ গাড়ীলৈ লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ আৰু কণী-শিল আদিও মাৰি পঠিয়ায়।
লগতে উত্তেজিত জনতাই তেওঁৰ গাড়ীৰ সন্মুখত “চোৰ, চোৰ”ৰ ধ্বনিৰে প্ৰতিবাদ কৰে। এই আক্ৰমণ সংঘটিত হোৱাৰ সময়ত গাড়ীত নাছিল বিধায়কগৰাকী। একাংশ প্ৰতিবাদকাৰীয়ে তেওঁৰ চালকক প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে।
মদন মিত্ৰৰ সমষ্টি কমৰহাটীত সংঘটিত হয় এই আক্ৰমণ। তেওঁ সমষ্টিটো পৰিভ্ৰমণ কৰি থকাৰ সময়তে তাত থকা লোকসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁৰ গাড়ীত আক্ৰমণ কৰে। সৌভাগ্যক্ৰমে আক্ৰমণৰ সময়ত মদন মিত্ৰ গাড়ীৰ ভিতৰত নাছিল।
এই আক্ৰমণৰ পিছত মদন মিত্ৰই কয় যে, তেওঁ নিজৰ বিধায়ক কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত কৰিছিল, যেতিয়া কমাৰহাটীৰ কিছু লোকে তেওঁক জনাইছিল যে, একাংশ লোকে স্থানীয় বাসিন্দাক ভাবুকি দি তেওঁক আক্ৰমণৰ চেষ্টা কৰিছে। তাৰ পিছত মদন মিত্ৰই আক্ৰমণ কৰা লোকসকলৰ তথ্য সংগ্ৰহ কৰিবলৈ ধৰে। এই আক্ৰমণৰ পিছতে মদন মিত্ৰই শাসকীয় দলক দোষাৰোপ কৰাৰ চেষ্টা কৰে। ইয়াৰ পূৰ্বে অভিষেক বেনাৰ্জী, কল্যাণ বেনাৰ্জী, জয়প্ৰকাশ মজুমদাৰৰ দৰে নেতাক আক্ৰমণ কৰা হৈছিল।








