বিহাৰৰ প্ৰখ্যাত কোচিং ইনষ্টিটিউট অপাৰেটৰ ফৈজল খান ওৰফে খান ছাৰ গ্ৰেপ্তাৰৰ ভাবুকি ওলমি আছে। এতিয়া তেওঁৰ প্ৰশিক্ষক কেন্দ্ৰ “খান গ্ল’বেল ষ্টাডিজ”ৰ তলা লগোৱাৰ উপক্ৰম হৈছে। দৰাচলতে বিহাৰ অগ্নিনিৰ্বাপক বাহিনী সেৱাৰ তদন্তত খান ছাৰৰ কোচিং চেণ্টাৰৰ বিৰুদ্ধে অসংখ্য অভিযোগ পোৱা গৈছে।
খবৰ অনুসৰি, ফৈছাল খানৰ কেজিএছ কোচিং চেণ্টাৰত অগ্নি নিৰাপত্তাৰ নিয়ম মানি চলা নাছিল। এই তথ্য প্ৰকাশ কৰে বিহাৰ অগ্নিনিৰ্বাপক বাহিনীৰ ডি আই জি মনোজ কুমাৰে। তেওঁ কয় যে, কেজিএছ কোচিং চেণ্টাৰত অগ্নিনিৰ্বাপক বাহিনীৰ সুৰক্ষাৰ অভাৱ চিনাক্ত কৰা হৈছে আৰু সেইবোৰ সমাধানৰ বাবে নিৰ্দেশনা দিয়া হৈছে। বিষয়াগৰাকীয়ে লগতে কয় যে, যদি ১৫ দিনৰ ভিতৰত এই অভাৱসমূহ দূৰ নকৰিলে কেজিএছ কোচিং চেণ্টাৰ ছীল কৰা হ’ব আৰু অন্যান্য ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
অগ্নিনিৰ্বাপক বাহিনীৰ ডি আই জি মনোজ কুমাৰ নাটে কয় যে, এছ ডি অ’ৰ সহযোগত খান ছাৰৰ কোচিং চেণ্টাৰত পৰিদৰ্শন কৰা হয়। সেই অডিটৰ সময়ত অসংখ্য গাফিলতিৰ সন্ধান পোৱা গৈছিল। ২ মাৰ্চত তেওঁলৈ জাননী জাৰি কৰা হৈছিল। তেওঁ লগতে কয় যে, বৰ্তমান চিকিৎসালয় আৰু হোটেলৰ পৰিদৰ্শন চলি আছে। ইয়াৰ পিছত কোচিং ইনষ্টিটিউটসমূহ পুনৰ পৰিদৰ্শন কৰা হ’ব। তেওঁ লগতে কয় যে, জাননী লাভ কৰাৰ পিছতো অগ্নি সুৰক্ষাৰ মানদণ্ড আৰু প্ৰয়োজনীয় নিয়ম মানি চলাত ব্যৰ্থ হোৱা প্ৰতিষ্ঠানসমূহে ছীলিং ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব।
অগ্নিনিৰ্বাপক বাহিনীৰ ডি আই জি মনোজ কুমাৰ নাটে কয় যে, ৫ খন চিকিৎসালয় আৰু ৬খন হোটেল ছীল কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে। এই চিকিৎসালয়সমূহৰ তালিকাত এডভান্সড পাটনা চেণ্ট্ৰেল হাস্পতাল, আৰোগ্য বৰ্ধন হাস্পতাল, পিনাকল হাস্পতাল, শ্যামা ট্ৰাষ্ট এণ্ড ৰিচাৰ্চ হাস্পতাল, এপেক্স হাস্পতাল আদি অন্তৰ্ভুক্ত কৰা হৈছে। ইতিমধ্যে সকলোলৈ জাননী জাৰি কৰা হৈছে।








