মে’ মাহত দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি তুংগত উঠিছে প্ৰচাৰ অভিযান। শাসক-বিৰোধীৰ শীৰ্ষ নেতাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও নামি পৰিছে প্ৰচাৰ অভিযানত। ধেমাজি আৰু তিনিচুকীয়া জিলাত বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীৰ হৈ বিশাল নিৰ্বাচনী সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছ দলক।
সোমবাৰে ধেমাজিত আয়োজিত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছক কটাক্ষ কৰি তেওঁলোকৰ প্ৰতীক হাতৰ বিপৰীতে লুঙী কৰিব লাগে বুলি পৰামৰ্শ দিয়ে আৰু লুঙীৰ প্ৰতীকত বাংলাদেশত নিৰ্বাচন খেলিবলৈ দিয়ে।
বিজেপিৰ দিনত হোৱা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ দলে সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ পৰিৱৰ্তে কেৱল লুঙী, সূতা, ধুতী, আৰু আঁঠুৱা ৰাজনীতিক লৈয়ে ব্যস্ত আছিল বুলি অভিযোগ উত্থাপন কৰে।
‘আমাৰ এজেণ্ডা স্পষ্ট- আমাৰ উন্নয়নমূলক কাম অব্যাহত ৰখা আৰু প্ৰতিখন গাঁৱক আদৰ্শ গাঁও কৰি তোলা,’ প্ৰগতি আৰু কল্যাণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি শৰ্মাই এইদৰে কয়।
মুখ্যমন্ত্রী শৰ্মাই বিগত চাৰি বছৰত কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ ডেৰ লাখ চৰকাৰী চাকৰিৰ সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰৰ সফলতাৰ কথাও পুনৰ উল্লেখ কৰে। কোনো দুৰ্নীতি আৰু উৎকোচৰ লগত জড়িত নোহোৱাকৈ যুৱক-যুৱতীসকলৰ বাবে সুযোগ সুনিশ্চিত কৰি যাব বুলিও প্ৰতিজ্ঞা কৰে।
উল্লেখ্য যে, অসমত মে’ মাহত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। প্ৰথম পৰ্যায় ২ মে’ আৰু ৭ মে’ত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। এই নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব ১১ মে’ত। ২৫,০০৭টা ভোটকেন্দ্ৰত ১.৮০ কোটিৰো অধিক ভোটাৰে ভোটদান কৰিব এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত।