পঞ্চায়ত নিৰ্বাচনৰ বাবে মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। ইতিমধ্যে যুদ্ধকালীন তৎপৰতা দেখা গৈছে দলীয় প্ৰাৰ্থীসকলৰ মাজত। তেনে সময়তে হাজোত ভোটাৰ ৰাইজক আকৰ্ষিত কৰিছে এগৰাকী উচ্চ শিক্ষিতা যুৱতীয়ে।
নাম তেওঁৰ বনানী দাস। উচ্চ শিক্ষাৰে শিক্ষিত বনানীয়ে মন স্থিৰ কৰি ৰাজনীতিলৈ বুলি ওলাই আহিছে। ভাৰতৰ প্ৰাক্তন প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নীতি আদৰ্শৰে অনুপ্ৰাণিত বনানী দাসে এইবেলি পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
পঞ্চায়ত নিৰ্বাচনত হাজোৰ কনিষ্ঠ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বনানীয়ে ৰাজনীতিৰ সমানে সমানে প্ৰস্তুতি চলাইছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবেও। আনক সমালোচনা কৰি থকাতকৈ সমাজখন স্বচ্ছ নিকা কৰাৰ স্বাৰ্থত নৱ প্ৰজন্মক ওলাই আহিবলৈ আহ্বান হাজো বিষ্ণুপুৰৰ বাসিন্দা বনানী দাসৰ।
আন দলীয় প্ৰাৰ্থী সকলৰ সমান্তৰালকৈ ২নং হাজো গাঁও পঞ্চায়তৰ ৬নং ৱাৰ্ডৰ সদস্যা পদৰ প্ৰাৰ্থী বনানীয়ে নৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰি ইতিমধ্যে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। ঘৰে ঘৰে গৈ লৈছে জ্যেষ্ঠ জনৰ আশীৰ্বাদ।
Input- Mintu Kalita (Hajo)