মধ্যপ্ৰদেশৰ ধৰ জিলাত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ইন্দোৰ-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথৰ চিকালিয়া ফাটাৰ সমীপত শ্ৰমিক কঢ়িয়াই অনা এখন পিকআপ ট্ৰাকৰ ভয়ংকৰ দুৰ্ঘটনা।
খবৰ অনুসৰি শ্ৰমিক কঢ়িয়াই অনা পিকআপ ট্ৰাকখনে নিশা প্ৰায় ৮:৩০ বজাত স্ক’ৰপিঅ’ গাড়ীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়, তাৰ পিছত গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে। ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে পিকআপখনত থকা ৩৫ জনতকৈ অধিক শ্ৰমিক গাড়ীৰ তলত থেতেলিয়াই পেলায়।
প্ৰাথমিক খবৰ অনুসৰি, মৃতকৰ সংখ্যা ১২ জন আছিল যদিও এতিয়া ১৬ জনলৈ বৃদ্ধি পাইছে। আনকি নিৰীহ শিশুৱেও এই মৰ্মান্তিক ঘটনাত প্ৰাণ হেৰুৱাইছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ৩০ জনতকৈ অধিক লোক বৰ্তমান ওচৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। স্থানীয় প্ৰশাসন আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সাহায্য অভিযান আৰম্ভ কৰিছে।
এই শোকাৱহ দুৰ্ঘটনাৰ পিছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিএমএনআৰএফ (প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি)ৰ পৰা মৃতকৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰে। এই শোকাৱহ ঘটনাৰ পিছত সম্প্ৰতি সমগ্ৰ অঞ্চল শোকত নিমগ্ন হৈ পৰিছে।











