২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে ভাৰত। সন্ত্ৰাসবাদ নিঃশেষ কৰিবলৈ চুবুৰীয়া দেশ পাকিস্তানৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰিছে পদক্ষেপ। আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতেও এই সন্দৰ্ভত প্ৰদান কৰিছে মন্তব্য।
আৰ এছ এছ প্ৰধান ভাগৱতে কয় যে অত্যাচাৰ কৰা সকলক শিক্ষা দিয়াটো আমাৰ প্ৰধান কৰ্তব্য।
তেওঁ কয়, ‘অহিংসা আমাৰ ধৰ্ম কিন্তু অত্যাচাৰ কৰাসকলক ধৰ্ম শিকোৱাটো অহিংসা। আমি কেতিয়াও আমাৰ ওচৰ-চুবুৰীয়াৰ ক্ষতি নকৰো। ইয়াৰ পিছতো যদি কোনোবাই ভুল পথ গ্ৰহণ কৰে তেন্তে জনসাধাৰণক ৰক্ষা কৰাটো ৰজাৰ কৰ্তব্য। ৰজাই নিজৰ কাম কৰিব।’
আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয়, ‘এই আক্ৰমণৰ দ্বাৰা সোঁৱৰাই দিয়া হৈছে যে এয়া ধৰ্ম আৰু অধৰ্মৰ যুঁজ। মানুহক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সোধা হৈছিল আৰু হত্যা কৰা হৈছিল। হিন্দুসকলে কেতিয়াও এই কাম নকৰে। এইটো আমাৰ স্বভাৱ নহয়। ঘৃণা আৰু শত্ৰুতা আমাৰ সংস্কৃতিত নাই, কিন্তু মনে মনে লোকচান সহ্য কৰাটোও আমাৰ সংস্কৃতিত নাই। আমি বহুত দুঃখিত। আমি খঙাল। আমি বেয়াৰ অন্ত পেলাবলৈ আমাৰ শক্তি দেখুৱাব লাগিব।”
তেওঁ আৰু কয়, ‘ৰাৱণকো বধ কৰা হৈছিল কাৰণ তেওঁ নিজৰ মন সলনি কৰিবলৈ অস্বীকাৰ কৰিছিল। কোনো বিকল্প বাকী নাছিল। ৰামে তেওঁক বধ কৰিছিল যদিও তেওঁক সংস্কাৰৰ সুযোগো দিয়া হৈছিল। যেতিয়া তেওঁ নিজকে সংশোধন কৰিবলৈ অস্বীকাৰ কৰিছিল, তেতিয়াহে তেওঁক বধ কৰা হৈছিল।’