ভাৰত আৰু পাকিস্তানৰ মাজত চলা যুদ্ধসদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ৯ মে’ত এসপ্তাহৰ বাবে আই পি এল স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল বিচিচিআইয়ে। দেশ দুখনৰ মাজত যুদ্ধ বিৰতি ঘোষণা হোৱাৰ পাছত আই পি এলৰ অৱশিষ্ট মেচসমূহ আজিৰ পৰা পুনৰ আৰম্ভ হ’ব।
আজি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত প্ৰতিদ্বন্দ্বিতা হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত। যদিহে আজিৰ মেচখনত কে কে আৰক পৰাস্ত কৰিব পাৰে তেন্তে প্লে অফত উপনীত হোৱাৰ পথ প্ৰসস্ত হ’ব আৰ চি বিৰ।
সাময়িকভাৱে আই পি এল স্থগিত হোৱাৰ পিছতে বিভিন্ন চৰ্চা চলিছিল যে দলসমূহত আৰু যোগ নিদিয়ে বিদেশী তাৰকা খেলুৱৈয়ে। কিন্তু আৰ চি বিৰ বাবে সকাহৰ বিষয় এইটোৱে যে দলটোৰ শিৱিৰত যোগ দিছে দুই তাৰকা ক্ৰমে টিম ডেভিড আৰু ৰোমাৰিঅ’ শ্বেফাৰ্ডে। এই দুয়োজন তাৰকাৰ উপস্থিতিয়ে নিঃসন্দেহে দলটোৰ বেটিঙৰ গভীৰতা বৃদ্ধি কৰিব।
উল্লেখ্য যে, চলিত আই পি এল ছিজনত আৰ চি বিয়ে ১১খন খেলৰ ৮খন মেচত জয়ী হৈ ১৬ পইণ্টেৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। পইণ্ট তালিকাৰ শীৰ্ষত আছে গুজৰাট টাইটানছ।
আৰ চি বি, গুজৰাট টাইটানছৰ উপৰি প্লে অফৰ দৌৰত আছে পঞ্জাৱ কিংছ, মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছো।