গাজাত চলি থকা যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক লৈ ডাঙৰ মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ফক্স নিউজত দিয়া এটা সাক্ষাতকাৰত ট্ৰাম্পে নেতান্যাহুক ৰক্ষণা বেক্ষণ দিয়া পৰিলক্ষিত হয়।
ট্ৰাম্পে কয় যে তেওঁ বহু কঠিন পৰিস্থিতিত আছে। ৭ অক্টোবৰৰ সেই ঘটনাটো মনত ৰাখিব লাগিব, বিশ্বৰ ইতিহাসৰ সেইটো অন্যতম হিংসুক ঘটনাৰ ভিতৰত আছিল।
উল্লেখ্য যে, মধ্যপ্ৰাচ্যলৈ কৰা প্ৰথমটো আনুষ্ঠানিক বিদেশ ভ্ৰমণৰ সময়ত ট্ৰাম্প ইজৰাইলত নোযোৱাকৈয়ে পোনে পোনে চৌদি আৰব, কাটাৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহলৈ গৈছিল। আমেৰিকাৰ কোনো ৰাষ্ট্ৰপতি মধ্যপ্ৰাচ্য ভ্ৰমণৰ সময়ত ইজৰাইল ভ্ৰমণ নকৰাটো লক্ষ্যণীয় হিচাপে বিবেচিত হৈছে।
পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত ইৰাণৰ সৈতে আমেৰিকাৰ আলোচনাক লৈ নেতান্যাহুৰ অসন্তুষ্টিৰ প্ৰশ্নত ট্ৰাম্পে কয় যে তেওঁ (নেতান্যাহু) এজন খঙাল মানুহ, তেওঁ ৭ অক্টোবৰৰ ঘটনাটোক লৈ যথেষ্ট আঘাত পাইছে। তেওঁলোকে কঠোৰ আৰু সাহসেৰে যুঁজিছে, কিন্তু সকলো কথাৰে বহু দিশ আছে।
আনহাতে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ট্ৰাম্পে কয় যে গাজাৰ পৰিস্থিতি স্বাভাৱিক কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গাজাৰ বহু লোক অনাহাৰে আছে আৰু অহা মাহৰ ভিতৰত বহুত কিবা কিবি ভাল হোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা ইজৰাইলে পুনৰ গাজাত তীব্ৰতৰ কৰি তুলিছে আক্ৰমণ। শেহতীয়াকৈ হোৱা আক্ৰমণত ১০০ৰো অধিক লোক নিহত হোৱা বুলি খবৰ আহিছে।