ইৰাণৰ তিনিটাকৈ পাৰমাণৱিক ঘাটিত আমেৰিকা সেনাই চলোৱা আক্ৰমণক পাকিস্তানে কঠোৰ ভাষাৰে সমালোচনা কৰে। আমেৰিকাৰ এই আক্ৰমণক আন্তঃৰাষ্ট্ৰীয় আইনৰ উলংঘন আখ্যা দিছে। পাৰমাণৱিক ঘাটিত চলোৱা আক্ৰমণক ভুল বুলিও আখ্যা দিয়ে পাকিস্তানে।
পাকিস্তানৰ উপৰি ছৌদি আৰব, কিউবা, চিলি আদিৰ দৰে দেশেও আমেৰিকাৰ আক্ৰমণক তীব্ৰ ভাষাৰে নিন্দা কৰে। আনহাতে ইউ কে আৰু ইউৰোপিয়ান ইউনিয়নে আমেৰিকাৰ এই পদক্ষেপক সমৰ্থন আগবঢ়াইছে।
ইৰাণৰ ওপৰত কৰা এই আক্ৰমণৰ বাবে আমেৰিকাক কঠোৰ সমালোচনা কৰা পাকিস্তানে এদিন পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ২০২৬ চনৰ নোবেল বঁটাৰে সন্মানিত কৰিব লাগে বুলি পোষকতা কৰিছিল। আনুষ্ঠানিক বিবৃতি জাৰি কৰি এই কথা ৰাজহুৱা কৰিছিল পাকিস্তানে।
উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া পোষ্টত কৈছিল যে আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ কৰিছে। আমেৰিকান সেনাৰ এই আক্ৰমণৰ পিছতে ট্ৰাম্পে দেশবাসীক সম্বোধন কৰে। ভাষণত তেওঁ এই আক্রমণ প্রয়োজনীয় বুলি কয়। আমি বিচাৰো ইৰাণ এতিয়া শান্তিৰ বাবে আগবাঢ়ি আহক।
তেওঁ লগতে কয় যে আমেৰিকাই আজি সেই কাম কৰিছে যিটো আন কোনো দেশে কেতিয়াও ভবা নাছিল।