ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰী মনোজ বডালেই ফ্ৰেঞ্চাইজিটোৰ প্ৰাক্তন সহ-স্বত্বাধিকাৰী ৰাজ কুন্দ্ৰাৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইউনাইটেড কিংদমৰ আদালতত মনোজ বডালেই ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে।
মনোজ বডালেই আদালতত কয়, ‘ৰাজস্থান ৰয়েলছৰ অংশীদাৰিত্ব সন্দৰ্ভত মই তেওঁক প্ৰতাৰণা কৰা বুলি কৈ ৰাজ কুন্দ্ৰাই মোক ব্লেকমেইলিং কৰিছে।’
উল্লেখ্য যে, মনোজ বডালে হৈছে বৰ্তমান ৰাজস্থান ৰয়েলছত সৰ্বাধিক শ্বেয়াৰ থকা ব্যক্তি।
ৰয়টাৰ্ছৰ ৰিপ’ৰ্ট অনুসৰি, মনোজ বডালেৰ অধিবক্তাই দাবী কৰিছে যে ৰাজ কুন্দ্ৰাই গুৰুতৰ অভিযোগৰ তথ্য ভাৰতীয় বিষয়াক জনাব বুলি ধমক প্ৰদান কৰি বডালেক ব্লেকমেইল কৰিছিল। ইফালে মনোজ বডালে আৰু ইমাৰ্জিং মিডিয়া বেঞ্চাৰ্ছে প্ৰাক্তন মালিক ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ২০১৯ চনৰ কনফিডেন্সিয়েল চেটেলমেণ্ট এগ্ৰীমেণ্ট উলংঘনৰ অভিযোগ তুলি লণ্ডন উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিব বিচাৰিছিল।
উল্লেখ্য যে, ২০২৫ চনলৈকে ৰাজ কুন্দ্ৰাৰ ৰাজস্থান ৰয়েলছত ১১.৭ শতাংশ শ্বেয়াৰ আছিল, কিন্তু ২০১৫ চনত তেওঁৰ বিৰুদ্ধে উত্থাপিত আই পি এল জুৱাৰ অভিযোগ সত্য প্ৰমাণিত হোৱাত তেওঁ নিজৰ শ্বেয়াৰ এৰিবলৈ বাধ্য হয়।
ইফালে, ২৯ মে’ত ৰাজ কুন্দ্ৰাই তেওঁৰ এক্স একাউণ্টৰ পৰা এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত তেওঁ লিখিছিল যে তেওঁ অতি শীঘ্ৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ সন্মুখত বিত্তীয় খেলিমেলিৰ প্ৰমাণ দাখিল কৰিব। ৰাজ কুন্দ্ৰাই কৈছিল, ‘ইয়াৰ ভিতৰত বহু শ্বেয়াৰ হোল্ডাৰৰ চুক্তিত প্ৰৱঞ্চনা আৰু হেতালি খেলাৰ সৈতে জড়িত গোচৰো অন্তৰ্ভুক্ত’।