কাটাৰত ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধবিৰতিৰ আলোচনাৰ মাজতো গাজাত বন্ধ হোৱা নাই হিংসাত্মক ঘটনা। ৬০ দিনীয়া যুদ্ধবিৰতি আৰু পণবন্দী চুক্তিৰ আলোচনা চলি আছে যদিও এতিয়ালৈকে কোনো সফলতা লাভ কৰা নাই। দেওবাৰে গাজা সীমান্তৰ সমীপত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা যায় আৰু ইজৰাইলৰ সেনাই সামৰিক অভিযান অব্যাহত ৰখা বুলি কয়।
কিয়নো ২০ জুলাইত উত্তৰ গাজাত ইজৰাইলী গুলীচালনাত ৰাষ্ট্ৰসংঘৰ সাহায্য সামগ্ৰীৰ বাবে অপেক্ষা কৰি থকা ৬৭ জন পেলেষ্টাইনী লোকে প্ৰাণ হেৰুৱায়। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে এই ঘটনা নিশ্চিত কৰি কয় যে মৃতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে।
ইফালে ইজৰাইলী সেনাই কয় যে, তেওঁলোকৰ সৈন্যই বিপদৰ আশংকাতহে সতৰ্কতাবাণীমূলক গুলীচালনা কৰিছিল। তেওঁলোকৰ দাবী, সাহায্য কঢ়িয়াই অনা ট্ৰাকক লক্ষ্য কৰি লোৱা নাছিল ইজৰাইলী সেনাই আৰু মৃত্যুৰ সংখ্যাকো অতিৰঞ্জিত কৰা হৈছে।
ৰাষ্ট্ৰসংঘৰ সংস্থা ডব্লিউ এফ পিয়ে জনোৱা মতে, গাজাত প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোকৰ ২৫খন ট্ৰাকৰ কনভয়ত ভোকাতুৰ লোকৰ ভিৰ গোট খাইছিল। তেতিয়াই গুলীচালনা হৈছিল।
ৰাষ্ট্ৰসংঘ আৰু গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে সকীয়াই দিছে যে গাজা অনাহাৰৰ সীমাত উপনীত হৈছে। এই পৰ্যন্ত পুষ্টিহীনতাৰ বাবে ৭১টা শিশুৰ মৃত্যু হৈছে আৰু ৬০ হাজাৰ শিশু পুষ্টিহীনতাৰ লক্ষণত ভুগি আছে। বিগত ২৪ ঘন্টাত ১৮ জন লোকৰ ভোকত মৃত্যু হৈছে। দেওবাৰে গাজাৰ ডেইৰ আল-বালাহত সেনাই প্ৰচাৰ পত্ৰিকা নিক্ষেপ কৰি মানুহক সেই অঞ্চল খালী কৰিবলৈ সকীয়াই দিয়ে।
গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই সংঘাতত এতিয়ালৈকে ৫৮ হাজাৰতকৈ অধিক পেলেষ্টাইনী লোকে প্ৰাণ হেৰুৱাইছে আৰু লাখ লাখ সাধাৰণ নাগৰিক স্থানচ্যুত হৈছে। গাজা মানৱীয় দুৰ্যোগৰ সন্মুখীন হৈছে।