শনিবাৰে ৰাজধানী দিল্লীৰ জয়তপুৰ অঞ্চলত দেৱাল ভাঙি ৭ জন লোকৰ মৃত্যু হয়। জানিব পৰা মতে, বিগত কিছুদিনৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় সংস্থাসমূহৰ লগতে এন ডি আৰ এফৰ দলে ঘটনাস্থলত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। এই দেৱালখন প্ৰায় ৫০ ফুট দীঘল আছিল।
জয়তপুৰ আৰক্ষী থানা এলেকাত শনিবাৰে পুৱা প্ৰায় ৯:১৫ বজাত হৰি নগৰ গাঁও এলেকাৰ পিছফালে মোহন বাবা মন্দিৰৰ সমীপত নিৰ্মিত বস্তিৰ দেৱাল ভাঙি পৰাৰ তথ্য লাভ কৰে আৰক্ষীয়ে।
এই তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। স্থানীয় আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
আৰক্ষী আৰু স্থানীয় লোকে ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে। মুঠ ৮ জন লোকক ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ কৰা হয়।
আৰক্ষীৰ তথ্য অনুসৰি ৮জন লোকক এইমছ আৰু ছফদাৰজং হাস্পতাললৈ লৈ যোৱা হয়। ইয়াৰ ভিতৰত আছে চাৰিজন পুৰুষ, দুগৰাকী মহিলা আৰু দুটা শিশু। চিকিৎসাধীন অৱস্থাত এই ৮ জন লোকৰ ভিতৰত ৭ জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।