ভগৱান শিৱ শংকৰৰ আছে এনে এবিধ মন্ত্ৰ। যি জপ কৰিলে কেৱল মানুহৰেই নহয়, দেৱতাৰো পূৰ্ণ হয় মনোকামনা।
হিন্দুধৰ্মত ভগৱান শিৱক প্ৰধান উপাস্য দেৱতা বুলি কোৱা হয়। মহাপ্ৰভূ শিৱক আৰাধনা কৰিলে ব্যৱসায়িক আৰু ব্যক্তিগত জীৱনত সুখ আৰু সফলতা লাভ কৰিব পাৰি।
শিৱ পুৰাণৰ মতে, যদি কোনো ব্যক্তিয়ে শাওন মাহত শিৱালয়লৈ গৈ শিৱলিংগত বেলপাত অৰ্পন কৰি লিংগাষ্টকম মন্ত্ৰ জপ কৰে তেনেলোকে মহাদেৱৰ পৰা বিশেষ আৰ্শীবাদ লাভ কৰে।
বিশ্বাস কৰা হয় যে, এই লিংগাষ্টকম মন্ত্ৰ জপ কৰিলে জীৱনত অলৌকিক পৰিবৰ্তনে দেখা দিয়ে। এই মন্ত্ৰৰ দ্বাৰা দূৰ হয় ভক্তৰ সকলো দোষ।
শাওন মাহত প্ৰতিদিনে পূৰ্ণ ভক্তি আৰু বিশ্বাসেৰে যদি ভগৱান শিৱৰ এই লিংগাষ্টকম মন্ত্ৰ জপ কৰা হয়। তেন্তে সকলো প্ৰকাৰৰ দোষ দূৰ হয় আৰু তেনেলোকৰ ওপৰত ভোলানাথৰ সদায় আৰ্শীবাদ থাকে। এই মন্ত্ৰটো হৈছে-
“অষ্টদলোপৰিবেষ্টিত লিংগং, সৰ্বসমুদ্ধবকাৰণ লিংগং।
অষ্টদৰিদ্ৰবিনাশিত লিংগং, তত্ৰণমামি সদাশিৱ লিংগং।।“
যদি আপুনি অনুভৱ কৰে যে, আপুনি কোনো ডাঙৰ সমস্যাত ভুগিছে আৰু আপোনাৰ সমস্যা হ্ৰাস হোৱাৰ পৰিৱৰ্তে বৃদ্ধি হেছে তেনেহ’লে আপুনি শাওন মাহত ভগৱান শিৱৰ এই মন্ত্ৰ জপ কৰি শিৱলিংগৰ ওপৰত পানী আগবঢ়াব।
বিশ্বাস কৰা হয় যে, মহাপ্ৰভূ শংকৰক এনেদৰে উপাসনা কৰিলে ভক্তসকলৰ সকলো দুখ-কষ্ট আঁতৰ হয় আৰু সকলোৰে মনোকামনা পূৰ্ণ হয়।
লিংগাষ্টকম মন্ত্ৰৰ ধৰ্মীয় তাৎপৰ্যঃ
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি, ভগৱান শিৱৰ উপাসনাত লিংগাষ্টকম মন্ত্ৰ জপ কৰিলে ভক্তই জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰে। মহাদেৱৰ এই মন্ত্ৰই জীৱনৰ সৈতে সম্পৰ্কিত আঠ প্ৰকাৰৰ দুখ আৰু দৰিদ্ৰতা আঁতৰ কৰে। লগতে, ভোলানাথে তেওঁৰ ভক্তসকলক জ্ঞান, বুদ্ধিমত্তা, সুখ, সমৃদ্ধি, সন্মান আৰু পৰিত্ৰাণ প্ৰদান কৰে।