ওড়িশাৰ পুৰীস্থিত জগন্নাথ মন্দিৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি প্ৰদান কৰাৰ এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। মন্দিৰৰ সমীপৰ দেৱালত ধমকভৰা বাৰ্তা লাভ কৰাৰ পিছতে মন্দিৰ চৌহদত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মন্দিৰৰ সুৰক্ষাও বৃদ্ধি কৰে।
পুৰী আৰক্ষীয়ে জানিব দিয়া অনুসৰি, বুধবাৰে পৰিক্ৰমা মাৰ্গৰ বালিছাহী প্ৰৱেশদ্বাৰৰ সমীপৰ বুঢ়ী মা ঠাকুৰাণী মন্দিৰৰ দেৱালত কোনো দুষ্ট চক্ৰই লিখিছিল এক ভাবুকি বাৰ্তা। বাৰ্তাটোত শ্ৰীজগন্নাথ মন্দিৰত সন্ত্ৰাসবাদী আক্ৰমণৰ সতৰ্কবাণী দিয়া হৈছে। ইংৰাজী আৰু ওড়িয়া ভাষাত এই ধমকভৰা বাৰ্তাটো লিখা হৈছিল।
আনহাতে মন্দিৰৰ সমীপত থকা আন আন সৰু সৰু মন্দিৰ সমূহৰ দেৱালতো এইধৰণৰ ভাবুকিভৰা বাৰ্তা লিখা হৈছে। মেছেজটোত লিখা আছিল, ‘Terrorists will attack and destroy the Jagannath temple’ অৰ্থাৎ সন্ত্ৰাসবাদীয়ে জগন্নাথ মন্দিৰত আক্ৰমণ কৰি ধ্বংস কৰিব।
ধমকভৰা এই বাৰ্তাটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামো উল্লেখ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি দেৱালত কেইবাটাও মোবাইল ফোন নম্বৰ লিখিছে য’ত সেই নম্বৰসমূহত ফোন কৰিবলৈ আহ্বান জনোৱা হৈছে।