ছেপ্তেম্বৰ মাহৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়া কাপৰ বাবে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নিজৰ ১৭ জনীয়া দলটো ঘোষণা কৰিছে। এই প্ৰতিযোগিতাখনৰ বাবে ছলমান আলী আঘাক অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে।
সবাটোকৈ আশ্বৰ্যকৰ কথাটো হ’ল যে পাকিস্তানৰ ছিনিয়ৰ খেলুৱৈ বাবৰ আজম আৰু মহম্মদ ৰিজৱানে এছিয়া কাপ ২০২৫ৰ বাবে দলত সুযোগ লাভ নকৰিলে। এই দুয়োজন খেলুৱৈয়ে দীৰ্ঘদিন ধৰি পাকিস্তানী টি-২০ দলৰ পৰা আঁতৰি আছিল।
বেয়া ফৰ্মৰ বাবেই এই ছিনিয়ৰ ক্ৰিকেটাৰ দুগৰাকীক দলত স্থান দিয়া হোৱা নাই বুলি চৰ্চা লাভ কৰিছে। দুয়োজনে শেষবাৰৰ বাবে ২০২৪ চনত আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত অংশ লৈছিল।
পাকিস্তানৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ তালিকাত প্ৰথম আৰু দ্বিতীয় স্থানত থকা বাবৰ আৰু ৰিজৱানৰ দৰে অনুভৱী ক্ৰিকেটাৰক দলত স্থান নিদিয়া কাৰ্যত পাকিস্তানৰ অধিকাংশ ক্ৰিকেট অনুৰাগীয়ে ক্ষোভ প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে।
এছিয়া কাপৰ বাবে ঘোষণা কৰা ১৭ জনীয়া দলটো-
ছলমান আলী আঘা (অধিনায়ক), আবৰাৰ আহমদ, ফহীম আছৰফ, ফখৰ জামান, হাৰিছ ৰউফ, হাছান আলী, হাছান নাৱাজ, হুছেইন তলত, খুশ্বদিল শ্বাহ, মহম্মদ হাৰিছ (উইকেটকীপাৰ), মহম্মদ নাৱাজ, মহম্মদ ৱাছিম জুনিয়ৰ, চাহিবজাদা ফাৰহান, ছইম আয়ুব, ছলমান মিৰ্জা, শ্বাহীন শ্বাহ আফ্ৰিদী আৰু ছুফয়ান মৌকিম।