অতি সোনকালে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শান্তি চুক্তি হ’ব পাৰে। এই বিষয়ত এটা ডাঙৰ ইংগিত দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
১৮ আগষ্টত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে বৈঠকত মিলিত হয়। ইউৰোপৰ কেইবাজনো প্ৰধান নেতাক সাক্ষাৎ কৰে ট্ৰাম্পে। ইয়াৰ পিছত তেওঁ গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰে।
সামাজিক মাধ্যমৰ জৰিয়তে ট্ৰাম্পে কয় যে, জেলেনস্কিৰ সৈতে তেওঁৰ কথা-বতৰা হৈছিল। ইউৰোপৰ সকলো দেশেই ইউক্ৰেইনক নিৰাপত্তাৰ নিশ্চয়তা দিব। ট্ৰাম্পে লগতে কয় যে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কি, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাব, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি, যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ, জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেড্ৰিখ মাৰ্জ, ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েন আৰু নাটোৰ মহাসচিব মাৰ্ক ৰুটৰ সৈতে হোৱাইট হাউছত আলোচনা হয়।
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা শান্তি চুক্তি সন্দৰ্ভত ট্ৰাম্পে ইংগিত দিয়ে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অতি সোনকালে শান্তি চুক্তি হ’ব পাৰে। তেওঁ কয় যে, আমেৰিকাৰ সৈতে সমন্বয়ত ইউৰোপৰ বহু দেশে ইউক্ৰেইনক নিৰাপত্তাৰ নিশ্চয়তা দিব। এই বিষয়েও বৈঠকত আলোচনা কৰা হৈছিল।