ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা চম্পাই ছোৰেনক দেওবাৰে পুৱা গৃহবন্দী কৰা হৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সযোগে পোষ্ট কৰি তেওঁ নিজেই এই তথ্য ৰাজহুৱা কৰিছে।
তেওঁ অভিযোগ কৰে যে নাগড়ীৰ জনজাতীয় আৰু খিলঞ্জীয়া কৃষকৰ হৈ যাতে মাত মাতিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি, কৃষকৰ ভূমি বচোৱাৰ বাবে আজি তাত আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ কথা আছিল চম্পাই ছোৰেনৰ।
ছোৰেনে ছ’চিয়েল মিডিয়াত লিখিছে, ‘নাগড়ীৰ জনজাতীয়/থলুৱা কৃষকৰ হৈ মাত মাতিব নোৱাৰাৰ বাবে আজি পুৱাৰে পৰা ঝাৰখণ্ড চৰকাৰে মোক গৃহবন্দী কৰি ৰাখিছে।’
এই কাৰ্য চৰকাৰৰ দমনমূলক নীতিৰ অংশ বুলিও তেওঁ উল্লেখ কৰে।
ইফালে বিজেপিয়েও এই কাৰ্যক তীব্ৰ গৰিহনা প্ৰদান কৰিছে। এয়া সম্পূৰ্ণ একনায়কত্ববাদ আৰু ই এক অত্যাচাৰী মানসিকতাৰ প্ৰতিফলন বুলি বিজেপিয়ে অভিহিত কৰে।