দ্ৰুতগতিত তীব্ৰতৰ হৈ পৰিছে আৰব সাগৰ আৰু দক্ষিণ-পূব বংগ উপসাগৰত গঠন হোৱা নিম্ন চাপৰ অঞ্চল। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, অহা ২৪ ঘণ্টাৰ ভিতৰত এই ব্যৱস্থা তীব্ৰতৰ হৈ ঘূৰ্ণীবতাহৰ ধুমুহালৈ পৰিণত হ’ব পাৰে আৰু আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত মন্থা নামৰ ভয়াৱহ ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে।
খবৰ পোৱা গৈছে যে, আজি সন্ধিয়ালৈকে অন্ধ্ৰ প্ৰদেশৰ উপকূলত এই ঘূৰ্ণীবতাহ আহি প্ৰচণ্ড বতাহ আৰু প্ৰচণ্ড বৰষুণ কঢ়িয়াই আনিব পাৰে উপকূলীয় অঞ্চললৈ।
মন্থা ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে অহা কেইদিনমানৰ ভিতৰত দক্ষিণ আৰু মধ্য ভাৰতৰ কেইবাখনো ৰাজ্যত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ২৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰৰ ভিতৰত অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ওড়িশা, ছত্তীশগড়, আৰু তামিলনাডুত প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে। ইতিমধ্যে ভাৰতীয় সেনা আৰু সাহায্য সংস্থাক সতৰ্ক কৰি দিয়া হৈছে।
বংগোপসাগৰৰ পৰা উৎপত্তি হোৱা এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ বিহাৰেও অনুভৱ কৰিব পাৰে। ২৯ অক্টোবৰৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত ৰাজ্যখনত লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে, আনহাতে কিছুমান জিলাত ধুমুহা আৰু প্ৰচণ্ড বতাহৰ সন্মুখীন হ’ব পাৰে। তদুপৰি জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, আৰু উত্তৰাখণ্ডত এটা পশ্চিমীয়া অশান্তি সক্ৰিয় হৈ থাকিব, যাৰ ফলত ২৭ অক্টোবৰত লঘু বৰষুণ আৰু বৰফ পৰাৰ সম্ভাৱনা থাকিব। ইয়াৰ পৰা পাহাৰীয়া অঞ্চলত ঠাণ্ডা বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনাৰ ইংগিত পোৱা যায়।
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ২৭ আৰু ২৮ অক্টোবৰৰ সন্ধিয়া বা নিশা পাতলীয়া বৰষুণ বা টোপাল টোপাল পৰিব পাৰে। উত্তৰ প্ৰদেশতো বতৰ সলনি হ’ব বুলি জানিব পৰা গৈছে। ২৭ অক্টোবৰৰ পৰা চাৰিদিনীয়াকৈ ইয়াৰ কেইবাটাও অঞ্চলত বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।










