হোজাইত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এমাহৰ ভাড়া দিয়াত পলম হোৱাৰ বাবেই এগৰাকী মহিলাক গুৰুলা-গুৰলকৈ প্ৰহাৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন হয়।
উল্লেখ্য যে, যোৱা মঙ্গলবাৰে মহিলাগৰাকীয়ে বজাৰৰ পৰা নিজ ভাড়া ঘৰত উপস্থিত হোৱাৰ পিছতে ভাড়া ঘৰৰ মালিকনীয়ে মহিলাগৰাকীৰ পৰা তেওঁ পাব লগা ২০০০টকা ভাড়া বিচাৰে। ইয়াৰ পিছতে প্ৰথমে মহিলাগৰাকীৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হয় ভাড়া ঘৰৰ মালিক।
পৰৱৰ্তী সময়ত ভুক্তভোগী মহিলাগৰাকীক ভাড়া ঘৰৰ মালিকনী আৰু তেওঁৰ পুত্ৰই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হয়। এই ঘটনা সন্দৰ্ভত হোজাই আৰক্ষী থানাত ভুক্তভোগী মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰে।











