নাইজেৰিয়াত আইছিছৰ লক্ষ্যস্থানত আমেৰিকাই চলাইছে বৃহৎ আক্ৰমণ। উত্তৰ-পশ্চিম নাইজেৰিয়াত আমেৰিকাৰ বায়ুসেনাই বিমান আক্ৰমণ চলাইছিল, যাৰ ভিডিঅ’ও আমেৰিকাই প্ৰকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কাৰ্যৰ কথা ঘোষণা কৰে।
এই প্ৰসংগত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও এই আক্ৰমণৰ কাৰণ ব্যাখ্যা কৰে। ট্ৰাম্পে আইছিছৰ সন্ত্ৰাসবাদীক “সন্ত্ৰাসবাদী জাবৰ” বুলি অভিহিত কৰি কয় যে, এই সংগঠনটোৱে অঞ্চলটোৰ খ্ৰীষ্টানসকলক অহৰহ লক্ষ্য কৰি লৈছে।
খ্ৰীষ্টানসকলৰ ওপৰত হোৱা আক্ৰমণক অস্তিত্বৰ ভাবুকি বুলি অভিহিত কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে, এই আক্ৰমণৰ পূৰ্বে তেওঁ নাইজেৰিয়াক অক্টোবৰ আৰু নৱেম্বৰ মাহত সামৰিক পদক্ষেপৰ বিষয়ে সকীয়াই দিছিল। তেওঁৰ মতে নাইজেৰিয়াত খ্ৰীষ্টানসকলৰ ওপৰত হোৱা আক্ৰমণ গণহত্যাৰ সমান আৰু ই তেওঁলোকৰ অস্তিত্বৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি কঢ়িয়াই আনিছিল।
ট্ৰাম্পে কয় যে, নিৰীহ খ্ৰীষ্টানসকলক লক্ষ্য কৰি নিৰ্মমভাৱে হত্যা কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমেৰিকাৰ আক্ৰমণ সংঘটিত কৰা হৈছে। তেওঁ নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে যে, তেওঁ ইতিমধ্যে এই সন্ত্ৰাসবাদীসকলক সকীয়াই দিছিল যে যদি তেওঁলোকে খ্ৰীষ্টানৰ ওপৰত চলা অত্যাচাৰ বন্ধ নকৰে তেন্তে তেওঁলোকে ইয়াৰ মূল্য দিব। ৰাষ্ট্ৰপতি ট্ৰাম্পে স্পষ্টভাৱে উল্লেখ কৰিছিল যে তেওঁৰ নেতৃত্বত কোনো কাৰণতে উগ্ৰ ইছলামিক সন্ত্ৰাসবাদক গা কৰি উঠিবলৈ দিয়া নহ’ব।
নাইজেৰিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এই বিমান আক্ৰমণ নিশ্চিত কৰি কয় যে, এই অভিযান নাইজেৰিয়া আৰু আমেৰিকাৰ মাজত চলি থকা নিৰাপত্তা সহযোগিতাৰ অংশ। এই সহযোগিতাত সন্ত্ৰাসবাদী সংগঠনক লক্ষ্য কৰি চোৰাংচোৱাৰ বিনিময় আৰু কৌশলগত সমন্বয় অন্তৰ্ভুক্ত কৰা হৈছে।










