বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে হিংসাৰ ঘটনা বৰ্তমানেও অব্যাহত আছে। শেহতীয়াকৈ বাংলাদেশৰ চিলেট জিলাৰ গোৱাইংহাটৰ এজন হিন্দু শিক্ষকৰ গৃহত অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাই অঞ্চলটোত বসবাস কৰা হিন্দু সমাজৰ মাজত শংকা আৰু নিৰাপত্তাহীনতাৰ পৰিৱেশ আৰু গভীৰ কৰি তুলিছে।
জানিব পৰা মতে, নিশা কোনো অজ্ঞাত ব্যক্তিয়ে “ঝুনু ছাৰ” নামেৰে পৰিচিত শিক্ষক বীৰেন্দ্ৰ কুমাৰ দে’ৰ গৃহত অগ্নিসংযোগ কৰে। অৱশ্যে এই ঘটনাত কোনো লোক নিহত হোৱা নাই যদিও ঘৰটোৰ ভিতৰৰ সামগ্ৰী সম্পূৰ্ণৰূপে ধ্বংস হয়। ইচ্ছাকৃতভাৱে জুই লগাইছিল নে ইয়াৰ আঁৰত আন কিবা ষড়যন্ত্ৰ আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ পাইছে, য’ত স্পষ্টকৈ দেখা গৈছে যে ঘৰটো জুইত জ্বলি ছাঁৰ-খাৰ হৈ গৈছে। ইয়াৰ পিছতেই স্থানীয় বাসিন্দা, সামাজিক সংগঠন, মানৱ অধিকাৰ কৰ্মীসকলে ক্ষোভ প্ৰকাশ কৰি অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এই আক্ৰমণে পুনৰবাৰ বাংলাদেশৰ সংখ্যালঘুসকলৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। স্থানীয় সমাজে কয় যে এনে ঘটনা বৃদ্ধি পাইছে যদিও দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা নোলোৱাটোৱে আক্ৰমণকাৰীক সাহসী কৰি তুলিছে।
বিগত কেইসপ্তাহত বাংলাদেশৰ বিভিন্ন প্ৰান্তত হিন্দু পৰিয়ালক লক্ষ্য কৰি লোৱাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে। ডিচেম্বৰৰ শেষৰ ফালে পিৰোজপুৰ জিলাত এটা হিন্দু পৰিয়ালৰ ঘৰ জ্বলাই দিয়াৰ বিপৰীতে চট্টগ্ৰামৰ ৰৌজান অঞ্চলত প্ৰব্ৰজিত হিন্দু পৰিয়ালৰ ঘৰতো জুই লগোৱাৰ খবৰ পোৱা গৈছিল। এই ঘটনাই সমগ্ৰ দেশতে সংখ্যালঘু লোকৰ দুৰ্দশাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।
এনে ঘটনাৰ অবিৰত সংঘটনেও আন্তৰ্জাতিক উদ্বেগ জগাই তুলিছে। মানৱ অধিকাৰ বিশেষজ্ঞসকলৰ মতে সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ বাবে যদি সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা নহয় তেন্তে পৰিস্থিতি আৰু অবনতি হ’ব পাৰে। বৰ্তমান সকলোৰে দৃষ্টি এই বিষয়ত প্ৰশাসনে কিমান ক্ষীপ্ৰতাৰে আৰু গুৰুত্বসহকাৰে ব্যৱস্থা গ্ৰহণ কৰে।










