No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- আজি পুনৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন সন্দৰ্ভত শুনানি। ফাষ্টট্ৰেক আদালতত হ’ব এই শুনানি। অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব অভিযুক্তৰ চার্জ ফ্ৰেমৰ প্ৰক্ৰিয়া। ইফালে শ্যামকানুৰ মিথ্যাছাৰ প্ৰমাণ কৰিলে খোদ প্ৰবাসী অসমীয়া সাক্ষীয়ে। শ্যামকানুই মেইলযোগে জুবিনক সুৰা যোগান নিদিবলৈ কৈছিল হোটেল কৰ্তৃপক্ষক। কিন্তু অভিমন্যুৰ দ্বাৰা শ্যামকানুই জুবিনক যোগান ধৰিছিল সুৰাৰ বটল। আদালতত এই কথা উপস্থাপন কৰিলে চৰকাৰী অধিবক্তাই।
- আজি পশ্চিমবংগ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। ১৫২খন আসনৰ বাবে অনুষ্ঠিত হ’ব ভোটদান পৰ্ব। প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিব ২৯২৬ গৰাকী প্ৰাৰ্থীয়ে। ৩ কোটি ৭৭ লাখ ভোটাৰে প্ৰথম পৰ্যায়ত কৰিব ভোটদান। চতুৰ্থবাৰৰ বাবে পশ্চিমবংগ দখলৰ লক্ষ্যেৰে ৰণত নামিছে মমতা বেনাৰ্জীৰ দল। ইফালে আকৌ বংগত পদুম ফুলাবৰ বাবে শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে গেৰুৱা বাহিনী।
- আজি তামিলনাডু বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ২৩৪ খন আসনৰ বাবে অনুষ্ঠিত হ’ব ভোটদান পৰ্ব। ৫ কোটি ৭৩ লাখ ভোটাৰে কৰিব ভোটদান।৪০২৩ গৰাকী প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা। DMK, কংগ্ৰেছ মিত্ৰজোঁটৰ বিৰুদ্ধে NDAৰ মাজত চলিব যুঁজ।কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।
- উত্তৰ প্ৰদেশৰ মির্জাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে দুখন চাৰিচকীয়া বাহনক। দুৰ্ঘটনাৰ পিছতে জ্বলি উঠে চাৰিচকীয়া বাহন দুখন। জীৱন্তে অগ্নিদগ্ধ হৈ ১১জনৰ কৰুণ মৃত্যু।
- ভাৰতলৈ আহি থকা জাহাজ কব্জা কৰিলে ইৰানে। ইৰানৰ IRGC-এ কব্জা কৰিলে দুখন বৃহৎ কাৰ্গো জাহাজ। জাহাজ বন্দী কৰাৰ ভিডিঅ’ প্ৰকাশ কৰিলে ইৰানে। মুখত কলা কাপোৰ মাৰি জাহাজত প্ৰৱেশ ইৰানী সেনাৰ। MSC ফ্ৰান্সকো আৰু এপামিনন্দেছ নামৰ জাহাজ দুখন কব্জা কৰে ইৰানে। ইফালে সামুদ্ৰিক সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ইৰানে অভিযান চলোৱা বুলি দাবী কৰে।
No Result
View All Result