No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- পুৱাতে অন্ধকাৰ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। ২৪খনকৈ জিলাত ধুমুহা-বৰষুণ,বজ্ৰপাতৰ হাই এলাৰ্ট জাৰি। দিনতে আন্ধাৰ হৈ পৰিছে গুৱাহাটী মহানগৰী। অহা ২ মে’ লৈ বৰষুণ আহি থকাৰ সম্ভাৱনা আছে। ৰাজ্যৰ কেইবাখনো জিলাত ইয়েল্লো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰু কৰা হৈছে।
- পশ্চিমবংগত আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ। কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে ১৪২ খন আসনৰ বাবে চলিছে ভোটগ্ৰহণ।আজি ৩.২১ কোটি ভোটাৰে সাৱস্ত্য কৰিব ভোটাধিকাৰ।বংগ দখলৰ বাবে সৰ্বশক্তিৰে নিৰ্বাচনী ৰণত নামিব বিজেপি।
- মঠঘৰীয়াত দুৰ্ঘটনা সংঘটিত কৰা ছামিমক ৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হ’ব। পিছে এই দুৰ্ঘটনা হয়নে নহয় এই কথা নাজানে বুলি জনাইছে ছামিমৰ অধিবক্তাই। আনকি সাংবাদিকৰে যুক্তি-তৰ্কতো লিপ্ত হয় ছামিম আহমেদৰ অধিবক্তাই।
- মধ্যপ্ৰাচ্যৰ সংঘাতৰ মাজতে ভাৰতে লাভ কৰিছে উল্লেখযোগ্য আৰু উৎসাহজনক খবৰ। অইল ইণ্ডিয়া লিমিটেডে লিবিয়াত অফশ্ব’ৰ তেল আৰু গেছৰ আৱৰ্জনাৰ আৱিষ্কাৰৰ বাতৰি প্ৰকাশ কৰিছে। চৰকাৰী কোম্পানীটোৱে ষ্টক এক্সচেঞ্জক অৱগত কৰিছে। লিবিয়াৰ দক্ষিণ-পশ্চিম অঞ্চলৰ গাদামেছ অৱবাহিকাত অৱস্থিত লিবিয়াৰ এৰিয়া ৯৫/৯৬ ব্লকত এই আৱিষ্কাৰ কৰা হৈছে। এই অঞ্চলত হাইড্ৰ’কাৰ্বন সম্ভাৱনা বেছি বুলি ধৰা হয়।
No Result
View All Result