মধ্যপ্ৰদেশৰ জবলপুৰ জিলাত সংঘটিত এক ভয়ংকৰ ক্ৰুজ জাহাজ দুৰ্ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে। বৰগী বান্ধত ক্ৰুজ যাত্ৰা উপভোগ কৰি থকা ৪১ জন লোকে হঠাতে ক্ৰুজখন মাজ সাগৰত ডুবিবলৈ ধৰে। ২৮ জন লোকক উদ্ধাৰ কৰাৰ বিপৰীতে আন ৯ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে আৰু বাকী ৪ জন বৰ্তমানেও নিৰুদ্দেশ হৈ আছে।
এই ঘটনা ইমানেই শিহৰণকাৰী আছিল যে ইয়ে সকলোকে কন্দুৱাই পেলাইছে। যোৱা ৩০ এপ্ৰিলৰ নিশা বৰগী মথাউৰিৰ নৰ্মদা নদীত জাহাজখন ডুব যায়। পিছদিনা পুৱা কেইবাটাও মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াতেই এনে এক দৃশ্য দেখা, য’ত এগৰাকী মহিলাই নিজৰ তিনি বছৰীয়া সন্তানক আলিংগন থাকে। লাইফ জেকেটত মেৰিয়াই বুকুৰ মাজত সাৱতি লৈ সন্তানক বচাবলৈ চেষ্টা কৰে মাতৃয়ে। কিন্তু দুয়োৰে জীৱন যুঁজত পৰাজয় হৈও সেই মাতৃয়ে মমতা এক নিদৰ্শন দেখুৱায়।
ইতিমধ্যে মৃত মাতৃ আৰু সন্তানক চিনাক্ত কৰা হৈছে। পিতৃ-মাতৃ আৰু পুত্ৰ-কন্যাৰ সৈতে পৰিয়ালটো দিল্লীৰ পৰা ভ্ৰমণৰ বাবে জবলপুৰলৈ আহিছিল। সৌভাগ্যক্ৰমে পিতৃ-কন্যা বাচি যায় যদিও মাতৃ-পুত্ৰ নৰ্মদা নদীত উটি যায়। এনে লাগিছিল যেন মৃত্যুৱে তেওঁলোকক দিল্লীৰ পৰা জবলপুৰলৈ টানি লৈ গৈছে।
এই দুৰ্ঘটনাটোৰ পৰা প্ৰাণ ৰক্ষা পোৱাসকলে দ্বিতীয় জীৱন বুলি গণ্য কৰিছে। এজন ব্যক্তিয়ে কয় যে যেতিয়া জাহাজখন কঁপিবলৈ ধৰিলে তেতিয়া কি হৈছে কোনেও ধৰিব পৰা নাছিল। লগে লগে জাহাজখনত চিঞৰ-বাখৰ লাগি যায়। এনে লাগিছিল যেন তেওঁলোকৰ ঠিক সন্মুখতে মৃত্যু থিয় হৈ আছে।










