ইৰাণ যুদ্ধৰ পিছত বন্ধ হৈ থকা হৰমুজ জলদ্বীপৰ মাজেৰে পুনৰবাৰ তৈল জাহাজ প্ৰেৰণৰ প্ৰস্তুতি চলাইছে ভাৰতে। যদিহে এই পৰিকল্পনাই চূড়ান্ত অনুমোদন লাভ কৰে, তেন্তে যুদ্ধ আৰম্ভ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতীয় জাহাজে এই স্পৰ্শকাতৰ সাগৰীয় পথেৰে খাৰুৱা তেল পৰিবহণ কৰিব। নিৰাপত্তাজনিত বিপদৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নৌসেনাইও এই অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
সূত্ৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰ, তেল কোম্পানী আৰু জাহাজ পৰিবহণ সংস্থাৰ মাজত আলোচনা অব্যাহত আছে। বিষয়াসকলে কয় যে, এই সমগ্ৰ পৰিকল্পনাটো চূড়ান্ত পৰ্যায়ত আছে আৰু অনুমোদন পোৱাৰ লগে লগে জাহাজৰ চলাচল আৰম্ভ হ’ব পাৰে। কিন্তু নিৰাপত্তাজনিত কাৰণত তেলৰ পৰিমাণ আৰু টাইমলাইনৰ দৰে সবিশেষ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
খবৰ অনুসৰি ভাৰতীয় জাহাজ নিগম (SCI) পাৰস্য উপসাগৰলৈ নিজৰ জাহাজ প্ৰেৰণ কৰিবলৈ সাজু হৈছে। ভাৰতীয় নৌসেনাৰ পৰা নিৰাপত্তাৰ অনুমতি আৰু শোধনাগাৰৰ বাণিজ্যিক অৰ্ডাৰৰ বাবে অপেক্ষা কৰি আছে কোম্পানীটোৱে।
হৰমুজ জলদ্বীপক বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক তেল পথ হিচাপে গণ্য কৰা হয়। বিশ্বৰ প্ৰায় ২০ শতাংশ তেলৰ চালান এই পথৰ মাজেৰে বৈ যায়। কিন্তু ইৰাণ যুদ্ধৰ পিছত অঞ্চলটোত বৃদ্ধি পোৱা উত্তেজনাৰ ফলত তেল পৰিবহণৰ কাম প্ৰায় বন্ধ হৈ পৰে।
ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম খাৰুৱা তেল আমদানিকাৰক দেশ। ফলস্বৰূপে এই পথৰ ব্যাঘাতৰ ফলত ভাৰতৰ শক্তি সুৰক্ষা আৰু ঘৰুৱা ইন্ধনৰ মূল্যত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে।
ক্ৰমবৰ্ধমান ভাবুকিৰ পোহৰত ভাৰত চৰকাৰে শেহতীয়াকৈ উচ্চ বিপদজনক সামুদ্ৰিক অঞ্চলৰ বাবে এক বিশেষ সামুদ্ৰিক বীমাৰ পদক্ষেপ আৰম্ভ কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতীয় জাহাজ আৰু তেল মালবাহীক সুৰক্ষামূলক ঢাল প্ৰদান কৰা, সংকটৰ সময়তো যোগান শৃংখল অব্যাহত ৰখাটো নিশ্চিত কৰা।
যদিও যোৱা কেইমাহমানত ভাৰতে ৰাছিয়াকে ধৰি আন দেশৰ পৰা তেল ক্ৰয় বৃদ্ধি কৰিছে, তথাপিও শক্তিৰ প্ৰয়োজনীয়তাৰ বাবে মধ্যপ্ৰাচ্যৰ ওপৰত ইয়াৰ যথেষ্ট নিৰ্ভৰশীলতা এতিয়াও আছে। ইফালে ভাৰতীয় জাহাজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ভাৰতীয় নৌসেনাই আৰব সাগৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত চোৰাংচোৱাগিৰি আৰু টহল বৃদ্ধি কৰিছে।









