No Result
View All Result
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
- ১৯১৮- গান্ধীজীৰ অধ্যক্ষতাত ইন্দোৰত হিন্দী সাহিত্য সন্মিলন অনুষ্ঠিত হয় আৰু তাত গৃহীত এক প্ৰস্তাৱত হিন্দীক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হয়।
- ১৯৯৪- আজিৰ দিনটোতে ভাৰত সহায়তা ক্লাৱৰ নাম সলনি কৰি ভাৰত সহায়তা মঞ্চ ৰখা হয়।
- ১৯৯৯- হোভাৰক্ৰাফ্ট বিমানৰ উদ্ভাৱক ক্রিষ্টোফাৰ ককাৰেলৰ মৃত্যু হয়।
- ১৯৯৯- যুগোস্লাভিয়াই ক’ছ’ভ’ শান্তি পৰিকল্পনাত অনুমোদন জনায়।
- ১৯৯৯-ইজিপ্তৰ ৰাষ্ট্ৰপতি হোছনি মুবাৰক একেৰাহে চতুৰ্থবাৰৰ বাবে পুনৰ নিৰ্বাচিত হয়।
- ২০০৪- কেন ফৰ্ড নাছাৰ মহাকাশ অন্বেষণ পেনেলৰ মুৰব্বী হয়।
- ২০০৫- ফ্ৰান্সে নিৰাপত্তা পৰিষদৰ বাবে ভাৰতৰ প্ৰাৰ্থীত্বৰ প্ৰতি পুনৰ সমৰ্থন আগবঢ়ায়।
- ২০০৮- তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাৱে উপ-নিৰ্বাচনত নিৰ্ণায়ক পৰাজয়ৰ পিছত পদত্যাগ কৰে। কেন্দ্ৰীয় চৰকাৰে চিমেণ্ট ৰপ্তানিৰ ধন ঘূৰাই দিয়াৰ অনুমোদন প্ৰত্যাহাৰ কৰে।
- ২০০৮- আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত হয় আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ ডিস্কভাৰী মহাকাশযান। সৌৰজগতৰ বাহিৰত আৱিষ্কাৰ হোৱা আটাইতকৈ সৰু গ্ৰহটো আৱিষ্কাৰ কৰে বিজ্ঞানীসকলে।
No Result
View All Result