ইৰাণৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত এক ডাঙৰ বিবৃতি ওলাইছে। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই দাবী কৰিছে যে, ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেনেই জীয়াই আছে আৰু ৰাজহুৱাভাৱে দেখা নোপোৱাৰ পিছতো দেশখনৰ কাম-কাজত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আছে। আমেৰিকাৰ চেনেটৰ বৈদেশিক সম্পৰ্ক সমিতিৰ সন্মুখত তেওঁ এই মন্তব্য কৰে।
মাৰ্কো ৰুবিঅ’ৰ মতে, মোজতাবা খামেনেই এতিয়া পূৰ্বতকৈ অধিক সক্ৰিয়ভাৱে শাসন ব্যৱস্থাৰ সৈতে জড়িত হোৱাৰ ইংগিত পোৱা গৈছে। তেওঁ উল্লেখ কৰে যে, যদিও তেওঁ ৰাজহুৱাভাৱে দৃশ্যমান নহয়, তথাপিও তেওঁ গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ সিদ্ধান্তত ভূমিকা পালন কৰি আছে। ৰুবিঅ’ই লগতে ইংগিত দিয়ে যে, চলিত বৰ্ষৰ আৰম্ভণিতে আমেৰিকা-ইজৰাইলৰ আক্ৰমণত আহত হোৱাৰ পিছতো তেওঁ দেশখনৰ শাসন ব্যৱস্থাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই।
খবৰ অনুসৰি, পিতৃ আয়াতুল্লা আলী খামেনেইক হত্যা কৰাৰ পাছত মোজতাবা খামেনেইক সৰ্বোচ্চ নেতা হিচাপে ঘোষণা কৰা হয়। ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ প্ৰাৰম্ভিক আক্ৰমণৰ সময়ত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। উপসাগৰীয় অঞ্চলত থকা আমেৰিকাৰ ঘাটিসমূহ আক্ৰমণ কৰি ইৰাণে ইয়াৰ প্ৰতিশোধ লয় আৰু ক্ৰমান্বয়ে পৰিস্থিতি আঞ্চলিক যুদ্ধলৈ পৰিণত কৰে। অৱশ্যে এতিয়া অস্থায়ী যুদ্ধবিৰতি।
এই সংঘাতৰ মাজতে ইৰানে হৰমুজ জলদ্বীপ বন্ধ কৰি দিয়াটোৱে বিশ্ব শক্তি সংকট আৰু গভীৰ কৰি তুলিছে। এই জলপথটো বিশ্বৰ তেল আৰু গেছ যোগানৰ বাবে অতি প্ৰয়োজনীয় বুলি বিবেচিত হৈছে। খবৰ অনুসৰি মোজতাবা খামেনীয়ে বৰ্তমান এক গোপন স্থানত কটকটীয়া নিৰাপত্তাৰ অধীনত বাস কৰি আছে আৰু তাৰ পৰাই এনক্ৰিপ্ট কৰা যোগাযোগ আৰু অন্যান্য মাধ্যমেৰে চৰকাৰী সিদ্ধান্তৰ লগত জড়িত হৈ আছে।
আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে কয় যে, ইৰাণৰ সৈতে শান্তি আলোচনাৰ সম্ভাৱনা এতিয়াও আছে যদিও আলোচনা সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছে। তেওঁ কয় যে, আমেৰিকা প্ৰশাসনে চুক্তিৰ সম্ভাৱনাক নুই কৰা নাই যদিও পৰিস্থিতি অত্যন্ত অস্থিৰ হৈয়ে আছে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও কয় যে, অতি সোনকালে নতুন চুক্তিৰ আশা কৰিব পাৰি।
ৰুবিঅ’ই স্পষ্ট কৰি দিয়ে যে, ইৰানে নিজৰ পাৰমাণৱিক কাৰ্যকলাপ আৰু ইউৰেনিয়াম সমৃদ্ধিৰ সন্দৰ্ভত সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ নকৰালৈকে ইৰাণৰ ওপৰত নিষেধাজ্ঞা অব্যাহত থাকিব। তেওঁ কয় যে, ইৰাণে স্পষ্টভাৱে ঘোষণা কৰিব লাগিব যে তেওঁলোকে হৰমুজ জলদ্বীপ সম্পূৰ্ণৰূপে মুকলি কৰিছে আৰু কোনো জাহাজ আক্ৰমণ কৰা নহ’ব। সাগৰীয় পথৰ পৰা লেণ্ডমাইন আঁতৰোৱাতো সহযোগ কৰিব লাগিব।
আমেৰিকাই লগতে কয় যে, ইৰাণৰ ওপৰত নিষেধাজ্ঞাৰ কাৰণ হৈছে ইয়াৰ পাৰমাণৱিক কাৰ্যসূচী আৰু ইউৰেনিয়াম সমৃদ্ধিৰ কাৰ্য্যকলাপ। যদি ইৰাণে এই কাৰ্যকলাপসমূহ বন্ধ বা শেষ কৰিবলৈ সন্মত হয় তেন্তে নিষেধাজ্ঞাৰ পৰা সকাহ দিয়া হ’ব পাৰে।
ইফালে ইজৰাইল আৰু লেবাননৰ মাজত চলি থকা সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি উত্তেজিত হৈ আছে। ফলস্বৰূপে ইৰাণে মধ্যস্থতাকাৰীৰ জৰিয়তে অনুষ্ঠিত হোৱা শান্তি আলোচনা সাময়িকভাৱে স্থগিত ৰাখিছে। বিশেষজ্ঞসকলৰ মতে আঞ্চলিক সংঘাত সম্পূৰ্ণৰূপে সমাধান নোহোৱালৈকে ইৰাণ-আমেৰিকাৰ আলোচনাত বৃহৎ অগ্ৰগতিৰ সম্ভাৱনা অতি কম।








