No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- আজিৰে পৰা পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত বৃদ্ধি ২৯ টকাকৈ দাম। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধিক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি। পূৰ্বে দিল্লীত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য আছিল ৯১৩ টকা। আজিৰ পৰা এই দাম হ’লগৈ ৯৪২ টকা।
- নীলাচলৰ শক্তিপীঠ কামাখ্যাধামত অহা ২২ জুনৰ পৰা অম্বুবাচী মহাযোগ। অম্বুবাচী মহাযোগ উপলক্ষে সাজু হৈছে মা কামাখ্যা দেৱালয় কৰ্তৃপক্ষ। ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচী প্ৰবৃত্তি। পৰম্পৰা অনুসৰি ৩দিন বন্ধ থাকিব মূল মন্দিৰৰ দুৱাৰ। নিত্য পূজা, দেৱী স্নানৰ পাছতে ২৬ জুনৰ পুৱা খোল খাব মন্দিৰৰ দুৱাৰ। ২২ জুনৰ পৰা ২৭ জুনলৈ নাথাকিব VIP-VVIP দৰ্শনৰ ব্যৱস্থা। ভক্তৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব জিলা প্ৰশাসনে। জিলা প্ৰশাসন তথা চৰকাৰৰ সৈতে ভক্তক আদৰিবলৈ সাজু হৈছে কামাখ্যাৰ দলৈ সমাজ। প্ৰতি বৰ্ষৰ দৰে এইবেলিও বান্ধি দিয়া হৈছে কিছু নীতি-নিৰ্দেশনা। দেশ-বিদেশৰ লাখ লাখ ধৰ্মপ্ৰাণ ৰাইজৰ লগতে বিভিন্ন কূলৰ তান্ত্ৰিক আৰু অঘোৰী সাধুৰ সমাৱেশেৰে নীলাচল পাহাৰ মুখৰিত হৈ পৰিব। জিলা প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিয়ে ভক্তসকলৰ নিৰাপত্তা, থকা-খোৱা আৰু যাতায়ত সুচল কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
- ১৮ অনূৰ্ধ্বৰ পুৰুষৰ হকী এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ। আয়োজক দেশ জাপানক পৰাস্ত কৰি খিতাপ দখল ভাৰতৰ। ফাইনেল খেলখনত জাপানক ৪-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। তৃতীয়বাৰৰ বাবে এই খিতাপ দখল কৰে ভাৰতে।
- পশ্চিমবংগৰ ৰাজনীতিত আকৌ এবাৰ বিস্ফোৰণ ঘটিছে। বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পিছত মমতা বেনাৰ্জীৰ সম্ভাৱ্য সাংসদ প্ৰাৰ্থীত্ব সন্দৰ্ভত এক সংবাদ মাধ্যমৰ বাতৰিয়ে এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰে। প্ৰতিবেদনত দাবী কৰা হৈছে যে, মমতা বেনাৰ্জীয়ে এতিয়া সাংসদ হৈ দিল্লীৰ ৰাজনীতিত সক্ৰিয় হৈ থাকিব বিচাৰিছে আৰু বঢ়মপুৰ লোকসভাৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰিছে। কিন্তু ইউছুফ পাথানৰ বক্তব্যৰ ভিত্তিত এতিয়া পৰিস্থিতি স্পষ্ট হৈ পৰিছে, য’ত তেওঁ সকলো অভিযোগ অস্বীকাৰ কৰিছে।
- ৬ জুনত ইৰাণৰ উপকূলৰ কাষৰ ৰাডাৰ ইনষ্টলেশ্যনসমূহক আক্ৰমণ কৰে আমেৰিকাই। ইয়াৰ পূৰ্বে আমেৰিকাই হৰমুজ জলদ্বীপৰ দিশে ইৰাণে নিক্ষেপ কৰা ড্ৰ’ন এখন গুলীয়াই নিক্ষেপ কৰিছিল। দুয়োখন দেশৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ প্ৰচেষ্টা অসুবিধাৰে ভৰা হ’ব পাৰে। আমেৰিকাৰ এগৰাকী বিষয়াই জনোৱা মতে, আমেৰিকাৰ সেনাই বিশ্বাস কৰে যে, ইৰাণৰ চাৰিখন ড্ৰ’নে এই অঞ্চলৰ জাহাজক লক্ষ্য কৰি লৈছে। ইয়াৰ পিছতে আমেৰিকাই হৰমুজ জলদ্বীপৰ অতি ওচৰত থকা গৰুক আৰু কেছম দ্বীপত থকা ইৰাণৰ পৰ্যবেক্ষণ ঘাটিসমূহক আক্ৰমণ কৰে।
No Result
View All Result