No Result
View All Result
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
- ১৫৩৯- আফগান শ্বেৰ শ্বাহ ছুৰীয়ে বাক্সাৰ সমীপৰ চৌছা যুদ্ধত মোগল সম্ৰাট হুমায়ুনক পৰাস্ত কৰে।
- ১৬৩১- মোগল সম্ৰাট শ্বাহজাহানৰ পত্নী মুমতাজ বেগমৰ ৩৯ বছৰ বয়সত বুৰহানপুৰত মৃত্যু হয়।
- ১৮৯৩- মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে নাগৰিক অবাধ্যতাৰ ব্যৱহাৰ কৰে।
- ১৯৮৯- ভাৰতৰ দ্বিতীয়টো উপগ্ৰহ প্ৰথম ভাস্কৰা ছোভিয়েট ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰা হয়।
- ১৯৯৫- নৰ্মান থাগাৰ্ড মহাকাশ কক্ষপথত আটাইতকৈ বেছি সময় থকা আমেৰিকাৰ মহাকাশচাৰী হিচাপে পৰিগণিত হয়।
- ১৯৯৮- ফ্ৰেঞ্চ অ’পেনত পুৰুষৰ একক শাখাত স্পেইনৰ কাৰ্লোছ ময়াই খিতাপ দখল কৰে।
- ১৯৯৯- শ্ৰীলংকাত প্ৰব্ৰজন নিয়ম বাতিল কৰা হয়।
- ২০০০- আমেৰিকাৰ আদালতে মাইক্ৰ’ছফ্টক দুটা ভাগত বিভক্ত কৰাৰ নিৰ্দেশ দিয়ে।
- ২০০৪- ইজৰাইলৰ কেবিনেটে গাজা ষ্ট্ৰিপৰ পৰা বসতি আঁতৰোৱাৰ প্ৰস্তাৱত অনুমোদন জনায়।
- ২০০৬- ভাৰতে নেপালক অৰ্থনৈতিক পুনৰ্গঠনৰ বাবে এক বিলিয়ন টকা প্ৰদান কৰাৰ সিদ্ধান্ত লয়।
- ২০০৭- আমেৰিকাই ছৌদি আৰবৰ প্ৰাক্তন ৰাষ্ট্ৰদূত প্ৰিন্স বান্দৰ বিন চুলতানৰ সৈতে জড়িত বহু কোটি পাউণ্ডৰ অস্ত্ৰ দালালি কেলেংকাৰিৰ উন্মোচন কৰে।
- ২০০৮- উত্তৰ প্ৰদেশ চৰকাৰে ৰন্ধন গেছৰ ৪% ভেট সম্পূৰ্ণৰূপে বিলুপ্ত কৰে।
No Result
View All Result