ছত্তীশগড়ৰত সংঘটিত হৈছে এক শোকাবহ দুৰ্ঘটনা। জাঞ্জগীৰ চাম্পা জিলাৰ কোতৱালী আৰক্ষী থানাৰ অন্তৰ্গত এজন কংগ্ৰেছ নেতাৰ পৰিয়ালৰ আটাইকেইজন সদস্যই আত্মহত্যা কৰিছে।
জানিব পৰা মতে, কংগ্ৰেছ নেতাজনে পত্নী আৰু দুই পুত্ৰৰ সৈতে বিহ পান কৰিছিল। স্থানীয়লোকে বিহ পান কৰাৰ কথা গম পোৱাৰ পিছতে লগে লগে বিলাসপুৰৰ চিমছ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।
চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত পৰিয়ালৰ আটাইকেইজন সদস্যকে মৃত বুলি ঘোষণা কৰিছে।
জানিব পৰা মতে, অতিৰিক্ত ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰিছে পৰিয়ালৰ আটাইকেইজন সদস্যই।
প্ৰাপ্ত তথ্য অনুসৰি, কংগ্ৰেছ নেতা পঞ্চৰাম যাদৱে ঠিকাদাৰ হিচাপে কাম কৰিছিল। ইয়াৰ লগতে তেওঁ পুত্ৰৰ সৈতে এটা ব্যৱসায় আৰম্ভ কৰিছিল।
শনিবাৰে নিশা চিকিৎসাৰ সময়ত নীৰজ যাদৱৰ মৃত্যু হৈছিল। একে সময়তে, চিকিৎসাৰ সময়ত পঞ্চৰাম যাদৱ, তেওঁৰ পত্নী আৰু সৰু পুত্ৰৰো মৃত্যু হয়।