পাকিস্তানৰ বিৰুদ্ধে একেৰাহে দুখন টেষ্ট মেচ জয়ী হৈ ইতিহাস ৰচিলে বাংলাদেশ ক্ৰিকেট দলে। দুখন টেষ্টৰ শৃংখলা দখল কৰি ঐতিহাসিক কৃতিত্ব অৰ্জন কৰা বাংলাদেশে ইয়াৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে এটাও শৃংখলা দখল কৰিব পৰা নাছিল।
অৱশেষত শৃংখলা দখলৰ ২২ বছৰীয়া খৰাং আঁতৰাই পাকিস্তানৰ বিৰুদ্ধে আধিপত্য প্ৰতিষ্ঠা কৰা বাংলাদেশ দলটোৱে সম্প্ৰতি ক্ৰিকেট অনুৰাগী তথা বিশেষজ্ঞসকলৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।
ইয়াৰ পূৰ্বে বাংলাদেশে প্ৰথমখন টেষ্ট মেচত ১০ উইকেটত জয়লাভ কৰি পাকিস্তানক একপ্ৰকাৰ লজ্জানত কৰিছিল।
উল্লেখ্য যে, ২০০২ চনত প্ৰথমবাৰৰ বাবে বাংলাদেশ আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল দ্বিপাক্ষিক টেষ্ট শৃংখলা। ইয়াৰ পিছত দুয়োটা দলৰ মাজত মুঠ ৬টা শৃংখলা অনুষ্ঠিত হৈছে যদিও প্ৰতিবাৰেই পাকিস্তানৰ দলটোৱে জয়লাভ কৰি আহিছিল।
কিন্তু আজি সমাপ্ত হোৱা দুখন মেচৰ টেষ্ট শৃংখলাটোত বাংলাদেশে প্ৰথমখন টেষ্ট মেচত ১০ উইকেটত জয়ী হোৱাৰ লগতে দ্বিতীয়খন টেষ্ট মেচত ৬ উইকেটত জয়লাভ কৰি ইতিহাস ৰচনা কৰিছে।
উল্লেখ্য যে, দ্বিতীয়খন মেচৰ প্ৰথম ইনিংছত বেটিং কৰিবলৈ আমন্ত্ৰণ পোৱা পাকিস্তানে ২৭৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে বাংলাদেশে প্ৰথম ইনিংছত মাত্ৰ ২৬২ ৰানহে কৰিব পাৰিছিল আৰু পাকিস্তানে ১২ ৰানৰ সামান্য অগ্ৰগতি লাভ কৰিছিল।
কিন্তু বাংলাদেশৰ বলিং আক্ৰমণত তিষ্ঠিব নোৱাৰি পাকিস্তান দলে দ্বিতীয় ইনিংছত মাত্ৰ ১৭২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। পাকিস্তানৰ শোচনীয় বেটিং প্ৰদৰ্শনৰ বাবে বাংলাদেশ দলে লাভ কৰে মাত্ৰ ১৮৫ ৰানৰ লক্ষ্য আৰু আলহী দলটোৱে ৬ উইকেট হেৰুৱাইয়ে এই সহজ লক্ষ্যত উপনীত হয়।