কেনিয়াৰ এখন বিদ্যালয়ৰ হোষ্টেলত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত ১৭ জন ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে ১৩ জন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে। শুকুৰবাৰে আৰক্ষীৰ লগতে প্ৰশাসনে এই কথা জানিব দিয়ে।
মৃত লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে আৰক্ষীয়ে।
প্ৰশাসনৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা অনুসৰি বৃহস্পতিবাৰে নিশা নেৰী কাউন্টিৰ হিলছাইড এণ্ডাৰাছা প্ৰাইমাৰীত অগ্নিকাণ্ড সংঘটিত হয় আৰু ইয়াৰ কাৰণ কি সেই বিষয়ে জানিবলৈ চেষ্টা অব্যাহত ৰখা হৈছে। অগ্নিকাণ্ডৰ কাৰণসমূহ জানিবলৈ চেষ্টা কৰি থকাৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জনায়।
উল্লেখ্য যে কেনিয়াৰ আৱাসিক বিদ্যালয়ত প্ৰায়েই সংঘটিত হৈ আহিছে অগ্নিকাণ্ডৰ ঘটনা। ২০১৭ চনত ৰাজধানী নাইৰোবিৰ এখন বিদ্যালয়ত সংঘটিত অগ্নিকাণ্ডত ১০ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছিল।