দেশত নাৰী নিৰ্যাতনৰ ঘটনা যথেষ্ট হাৰত বৃদ্ধি পাইছে। উৰিষ্যাৰ এজন মন্ত্ৰীয়ে মহিলাৰ সুৰক্ষা সম্পৰ্কে এক ডাঙৰ মন্তব্য দিছে। দেশখনৰ এখন ৰাজ্যত বিগত ৫ বছৰ ধৰি ৫৭২ গৰাকী জনজাতীয় মহিলাৰ সৈতে সংঘটিত নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে।
এই ঘটনা হৈছে উৰিষ্যাৰ। উৰিষ্যাৰ অনুসূচীত জাতি-জনজাতি উন্নয়ন মন্ত্ৰী নিত্যানন্দ গণ্ডে জনাইছে যে ৰাজ্যখনত জনজাতীয় মহিলাসকল কোনোপধ্যে সুৰক্ষিত নহয়। তেওঁ কৈছে যে, বিগত ৫ বছৰত ৫৭২ গৰাকী জনজাতীয় মহিলা দুষ্কাৰ্যৰ বলি হ’ব লগা হৈছে।
এই ঘটনাৰ ওপৰত আদালতে গোচৰ ৰুজু কৰা হৈছে। এইক্ষেত্ৰত ৩২ টা গোচৰৰ বিচাৰ সম্পূৰ্ণ কৰা হৈছে, আনহাতে ৫০৯ টা গোচৰত অভিযোগপত্ৰ দাখিল কৰা হৈছে। লগতে গণ্ডে ইয়াকো কৈয় যে, বৰ্তমানলৈকে ৩১ টা গোচৰ এতিয়াও তদন্তৰ অধীনত আছে।
প্ৰতিবেদন অনুসৰি, ভাৰতত প্ৰতি ঘণ্টাত তিনিগৰাকী মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰা হয়, অৰ্থাৎ প্ৰতি ২০ মিনিটত এগৰাকীকৈ মহিলাৰ সৈতে অপকৰ্ম সংঘটিত হয়।
ন্যায়ৰ ক্ষেত্ৰত, এই অপকৰ্মৰ সৈতে জড়িত ১০০ জন অভিযুক্তৰ ভিতৰত মাত্ৰ ২৭ জনক দোষী সাব্যস্ত কৰা হৈছে। এই পৰিসংখ্যাই দেখুৱাই যে, দেশত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ আইন থকা স্বত্বেও, এনেধৰণৰ ঘটনা বৰ্তমানেও হ্ৰাস হোৱা নাই।
ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ তথ্য অনুসৰি, প্ৰতি বছৰে ভাৰতত মহিলাৰ বিৰুদ্ধে চাৰি লাখৰো অধিক অপৰাধ পঞ্জীয়ন কৰা হয়। এই অপৰাধবোৰৰ ভিতৰত আছে উৎপীড়ন, যৌতুক, অপহৰণ, মানৱ সৰবৰাহ, নিৰ্যাতন, এচিড আক্ৰমণ আদি সাঙুৰি লোৱা হয়।