মধ্য প্ৰদেশৰ এক আচৰিত ঘটনা পোহৰলৈ আহে। মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ এগৰাকী মহিলাই নিজৰ স্বামীৰ বিৰুদ্ধে ৫বাৰ বিবাহৰ অভিযোগ উত্থাপন কৰিছে। ২০২২ চনতেই, তেওঁ নিজৰ স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। কিন্তু আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। পিছলৈ মহিলাগৰাকীয়ে DSPক নিজৰ হৃদয় বিদাৰক কাহিনী শুনাই আৰু আৰক্ষীক এই বিষয়টোৰ তদন্ত কৰাৰ দাবী জনায়।।
ভুক্তভোগী মহিলাগৰাকীৰ নাম মমতা জামৰা। তেওঁ বৃহস্পতিবাৰে এছপি কাৰ্যালয়ত উপস্থিত হয়। তাত, তেওঁ গোটেই ঘটনাটো DSPক বৰ্ণনা কৰে। তেওঁ কয় যে, ২৩ মে’, ২০১৮ত তেওঁ মুৰাৰ টিকোনিয়াৰ বাসিন্দা ৰমেশ সিং শেখৰৰ পুত্ৰ ৰুস্তম সিং শেখৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ পিছত, মোৰ স্বামী আৰু শহুৰেকে যৌতুকৰ বাবে মোক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছিল। নিজৰ স্বামীৰ স্বামীৰ কথা তেওঁ নিৰৱে সকলো সহ্য কৰি গৈছিল।
অভিযোগকাৰী মহিলাগৰাকীয়ে উল্লেখ কৰে যে, মহিলাগৰাকীৰ স্বামী পেছাত এগৰাকী ছফ্টৱেৰ অভিযন্তা আছিল। কৰ্মসূত্ৰে তেওঁ বেছিভাগ সময় ঘৰৰ পৰা বাহিৰতেই থাকিছিল। এনে পৰিস্থিতিত, যেতিয়া তেওঁ অনুসন্ধান কৰিছিল, তেতিয়া দেখা গৈছিল যে মহিলাগৰাকীৰ স্বামীৰ আন বহুতো মহিলাৰ সৈতে সুসম্পৰ্ক আছে।
ইয়াৰ পিছত আৰু স্বামীৰ কিছু কু-কৰ্মৰ কথা জানিবলৈ পাই তেওঁৰ ভৰিৰ তলৰ মাটি খহি পৰাৰ দৰে অৱস্থা হয়।তেওঁ গম পাবলৈ সক্ষম হয় যে, তেওঁৰ স্বামীৰ তেওঁৰ বাহিৰেও আৰু চাৰিগৰাকী পত্নী আছে।
মহিলাগৰাকীয়ে নিজৰ স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ দিয়ে লগতে কয় যে, তেওঁৰ এতিয়া মোৰ স্বামীয়ে বিদেশলৈ পলাই যাবলৈ চেষ্টা কৰি আছে। তেওঁ আৰক্ষীক স্বামীৰ পাছপোৰ্ট আৰু অন্যান্য নথিপত্ৰসমূহ জব্দ কৰিবলৈ দাবী জনায়। এই ক্ষেত্ৰত তেওঁ কেৱল এইখিনি ন্যায়েই বিচাৰে বুলি কয়।
DSP কিৰণ আহিৰৱাৰে মহিলাগৰাকীৰ সকলো কথা শুনে আৰু আৰক্ষীক অভিযুক্তৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে। বৰ্তমান, এই গোচৰটোৰ তদন্ত অব্যাবত আছে।