গাজাত ইজৰাইলে ধাৰাবাহিকভাৱে আক্ৰমণ সংঘটিত কৰি থকাৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ নিউয়ৰ্কত পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছক সাক্ষাত কৰা বিষয়টোৱে বেচ চৰ্চা লাভ কৰিছে।
দুয়োগৰাকীৰ মাজত হোৱা আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে গাজাৰ মানৱীয় পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে গাজাত শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ সমৰ্থন নিশ্চিত কৰে।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদী তিনিদিনীয়া ভ্ৰমণত আমেৰিকালৈ গৈছে আৰু দ্বিতীয় পৰ্যায়ৰ ভ্ৰমণত তেওঁ নিউয়ৰ্কত আছে। এই সময়ত তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনৰ আঁৰত মাহমুদ আব্বাছক সাক্ষাৎ কৰে।
সন্ত্ৰাসবাদী সংগঠন হামাছ আৰু ইজৰাইলৰ মাজত আৰম্ভ হোৱা যুদ্ধৰ পৰিণতিত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে গাজা। ইজৰাইলে গাজাত দ্ৰুত আক্ৰমণ চলাই হামাছৰ ঘাটিসমূহ ধ্বংস কৰিছে।
পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছৰ সৈতে হোৱা আলোচনাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত লিখিছে, ‘নিউয়ৰ্কত ৰাষ্ট্ৰপতি মাহমুদ আব্বাছক সাক্ষাত কৰিছিলো। অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ সমৰ্থন পুনৰবাৰ উল্লেখ কৰো। পেলেষ্টাইনৰ জনসাধাৰণৰ সৈতে দীৰ্ঘম্যাদী বন্ধুত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে মত বিনিময় কৰো।‘