মাও অধ্যুষিত ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত নিৰাপত্তা বাহিনীৰ সৈতে সংঘটিত এক এনকাউণ্টাৰত এগৰাকী মহিলা মাওবাদীকে ধৰি তিনিগৰাকী মাওবাদী নিহত হৈছে। সোমবাৰে আৰক্ষী বিষয়াই এই তথ্য প্ৰদান কৰে।
আৰক্ষী বিষয়াৰ মতে, নাৰায়ণপুৰৰ আবুঝমাদ অঞ্চলত নিৰাপত্তা বাহিনীৰ এক এনকাউণ্টাৰত এগৰাকী মহিলা মাওবাদীকে ধৰি তিনিজন মাওবাদী নিহত হৈছে। এতিয়াও দুয়োপক্ষৰ পৰা মাজে মাজে গুলীচালনা অব্যাহত আছে।
শীৰ্ষ আৰক্ষী বিষয়াজনে কয় যে আবুঝমাদ অঞ্চলত মাওবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছত নক্সাল বিৰোধী অভিযানৰ বাবে নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হয়। অভিযানৰ সময়ত যেতিয়া নিৰাপত্তাৰক্ষীৰ দলটো সেই অঞ্চলটোত উপস্থিত হৈছিল, তেতিয়াৰ পৰাই নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত এই এনকাউণ্টাৰ আৰম্ভ হয়।
ঘটনাস্থলৰ পৰা পৰা তিনিজন মাওবাদীৰ মৃতদেহৰ লগতে উদ্ধাৰ হৈছে একে-৪৭ ৰাইফল আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ।
আৰক্ষী বিষয়াসকলে জনোৱা মতে, নিৰাপত্তা বাহিনীৰ সকলো জোৱান সুৰক্ষিত। অঞ্চলটোত অব্যাহত আছে মাওবাদীৰ বিৰুদ্ধে অভিযান। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰি থকা বুলিও তেওঁ কয়।