অতি শিহৰণকাৰী! ইণ্টাৰনেটে কঢ়িয়াই আনিছে বিপদ। ইয়ে ধ্বংস কৰিছে বহুতৰে জীৱন।
বৰ্তমান সময়ত ডিজিটেল পৃথিৱীৰ লগত সাঙোৰ নোখোৱাকৈ জীৱন ধাৰণ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। ইণ্টাৰনেটে সুলভ আৰু অধিক পাৰদৰ্শী হোৱাৰ বাবে ব্যৱসায় বাণিজ্য, সেৱা খণ্ডৰ বিভিন্ন অনুস্থান-প্ৰতিস্থান আদি সকলোতে কম্পিউটাৰ আৰু মোবাইল ফোনৰ জৰিয়তে ডিজিটেল পৃথিৱীত মানুহৰ পদাৰ্পন ঘটিছে। কিন্তু এই ৰঙীণ পৃথিৱীখনে শেষো কৰিব পাৰে বহুতৰে জীৱন।
এইবাৰ ইণ্টাৰনেটৰ অন্ধকাৰ পৃথিৱীখলত ককবকাইছে এগৰাকী মোহময়ী অভিনেত্ৰী। এই অভিনেত্ৰীগৰাকী হৈছে বলীউডৰ অনন্যা পাণ্ডে।ইণ্টাৰনেটৰ পৃথিৱীখনে জ্বলা-কলা খুৱাইছে অনন্যাক। চিন্তাত টোপনি পাহৰিছে অনন্যাই।
পিছে কাৰণ জানি আচৰিত হ’ব আপুনি। আচলতে মুকলি হৈছে বিক্ৰমাদিত্য মটৱানেৰ আহিবলগীয়া ছবি CTRL ৰ বিস্ফোৰক ট্ৰেইলাৰ। অনন্যা পাণ্ডে আৰু বিহান সামতক এই ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব।
চাইবাৰ-থ্ৰিলাৰৰ ওপৰত আধাৰিত কৰি, দৰ্শকে ৪ অক্টোবৰ ২০২৪ত অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত এই ছবিখন উপভোগ কৰিবলৈ সক্ষম হ’ব। চলচ্চিত্ৰখনৰ কাহিনী যথেষ্ট আচৰিত। ইণ্টাৰনেটৰ অন্ধকাৰ পৃথিৱীত আৱদ্ধ অনন্যাৰ কাহিনীয়ে আপোনাৰ হৃদয় জয় কৰিব।
প্ৰযোজক নিখিল দ্বিবেদীয়ে অলপতে তেওঁৰ নতুন ছবি চিটিআৰএলৰ ট্ৰেইলাৰ মুকলি কৰিছিল যিয়ে দৰ্শকসকলক এআইৰ পৃথিৱীত এক ৰোমাঞ্চকৰ যাত্ৰাত লৈ যাবলৈ সাজু হৈছে।
ইণ্টাৰনেটৰ অন্ধকাৰ পৃথিৱীয়ে কিদৰে অনন্যাৰ সুন্দৰ জীৱনত আউল লগাই, সেয়া জানিবলৈ আপুনি অপেক্ষা কৰিব লাগিব ৪ অক্টোবৰলৈ।