বৰ্ষাবিঘ্নিত কানপুৰ টেষ্টৰ প্ৰথম ইনিংছত ভাৰতে বাংলাদেশক ২৩৩ ৰানত অল আউট কৰে। শৃংখলাটোৰ দ্বিতীয় তথা অন্তিমখন মেচৰ চতুৰ্থ দিনা অৰ্থাত সোমাবাৰে বাংলাদেশে তিনিটা উইকেটৰ বিনিময়ত ১০৭ৰ পৰা খেল আৰম্ভ কৰিছিল।
বাংলাদেশৰ প্ৰথম ইনিংছৰ অন্তত ভাৰতে আৰম্ভ কৰা প্ৰথম ইনিংছত এই পৰ্যন্ত এটা উইকেট হেৰুৱাই ১২৩ ৰান সংগ্ৰহ কৰিছে। যশস্বী জয়ছোৱাল আৰু শুভমন গিল ক্ৰীজত আছে।
উল্লেখ্য যে, টেষ্ট ক্ৰিকেটৰ ইতিহাসত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হ’ল ভাৰত। ভাৰতে তৃতীয় অভাৰত ৫০ ৰান সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগে দলটোৱে টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্ৰুততম ৫০ ৰান সংগ্ৰহ কৰাৰ অভিলেখ গঢ়ে। তৃতীয় অভাৰত দলটোৱে এই কৃতিত্ব অৰ্জন কৰে।
ইয়াৰ পূৰ্বে এই অভিলেখ ইংলেণ্ডৰ নামত আছিল। যিয়ে ২০২৪ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৪.২ অভাৰত পঞ্চাশ ৰান সম্পূৰ্ণ কৰিছিল।
গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা খেলখনৰ দ্বিতীয় আৰু তৃতীয় দিনা বৰষুণৰ বাবে খেলখন বাতিল কৰা হয়। খেলখনৰ প্ৰথম দিনটোত মাত্ৰ ৩৫ অভাৰহে খেল হৈছিল।