শুকুৰবাৰে লেবাননৰ হিজবুল্লাহৰ ঘাটিত ইজৰাইলে চলোৱা আক্ৰমণত সংগঠনটোৰ মুৰব্বী হাছান নাছৰল্লাহ নিহত হয়। এই মৃত্যুত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটি দুখী আৰু ক্ষুব্ধ। হিজবুল্লাহৰ মুৰব্বীৰ মৃত্যুৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই দুখৰ সময়ত পেলেষ্টাইন আৰু লেবাননৰ জনসাধাৰণৰ লগত আছো।
সোমবাৰে তেওঁ আন এক বক্তব্যৰ জৰিয়তে হিটলাৰৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী।
নছৰল্লাহৰ মৃত্যুত দুখী মেহবুবা মুফতিয়ে সোমবাৰে কয় যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু এডলফ হিটলাৰৰ পিছতে আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী। পেলেষ্টাইন আৰু লেবাননক গেছ চেম্বাৰলৈ ৰূপান্তৰিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালতে তেওঁৰ বিৰুদ্ধে ৰায় দিছে। লেবাননত হোৱা আক্ৰমণে প্ৰমাণ কৰিছে যে নেতান্যাহু সঁচাকৈয়ে এজন অপৰাধী।
পেলেষ্টাইনত নেতান্যাহুৱে হাজাৰ হাজাৰ লোকক হত্যা কৰিছে। এতিয়া লেবাননতো তেওঁলোকে একে কাম কৰি। এইদৰে কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
পিডিপিৰ মুৰব্বীগৰাকীয়ে কয় যে ভাৰত চৰকাৰে নেতান্যাহু চৰকাৰৰ সৈতে সম্পৰ্ক স্থাপন কৰাটো ভুল সিদ্ধান্ত। মহাত্মা গান্ধীৰ সময়ৰ পৰাই আমি পেলেষ্টাইনৰ লগত থিয় দিছো।