খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জৰৰ হত্যা সন্দৰ্ভত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ বক্তব্যৰ বিৰুদ্ধে ভাৰতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাত ট্ৰুডোৱে স্বীকাৰ কৰে যে এই হত্যাকাণ্ড সন্দৰ্ভত তেওঁৰ হাতত কোনো সঠিক প্ৰমাণ নাই।
ইফালে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে ২০২৩ চনৰ ছেপ্টেম্বৰৰ পিছত কানাডা চৰকাৰে ভাৰতৰ সৈতে কোনো তথ্য ভাগ-বতৰা কৰা নাছিল।
বৈদেশিক মন্ত্ৰালয়ে কয়, “নিশ্চিতভাৱে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে, কিন্তু কোনো তথ্য প্ৰদান কৰা হোৱা নাই। কালি জাষ্টিন ট্ৰুডোৰ বক্তব্যইও একেই কথা প্ৰমাণ কৰিছে। আমি তেওঁৰ সকলো অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰিছো। আমি আমাৰ কূটনীতিবিদসকলৰ সুৰক্ষাৰ প্ৰতি চিন্তিত আৰু সেই কথা মনত ৰাখিয়েই তেওঁলোকক ভাৰতলৈ উভতি আহিবলৈ কোৱা হৈছে। ভাৰত আৰু কানাডাৰ মাজত বহু ধৰণৰ সম্পৰ্ক আছে আৰু লগতে আমাৰ বহু ছাত্ৰ-ছাত্ৰীয়ে তাত পঢ়িও আছে।”
উল্লেখ্য যে, জাষ্টিন ট্ৰুডোৱে বুধবাৰে স্বীকাৰ কৰে যে তেওঁৰ চৰকাৰে কানাডাৰ মাটিত খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ সন্দৰ্ভত ভাৰতক সঠিক প্ৰমাণ প্ৰদান কৰা নাই।