‘দানা’ ঘূৰ্ণীবতাহ ওড়িশা উপকূলৰ দিশে গতি কৰাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে প্ৰশাসনে ভক্তসকলক পুৰীৰ জগন্নাথ মন্দিৰলৈ নাযাবলৈ পৰামৰ্শ প্ৰদান কৰিছে। দ্বাদশ শতিকাৰ এই মন্দিৰটো দুৰ্যোগৰ প্ৰভাৱৰ পৰা সুৰক্ষা দিয়াৰ বাবে সকলোধৰণৰ প্ৰস্তুতি কৰা বুলিও জনাবলৈ দিয়ে।
পুৰী জিলা দণ্ডাধীশ সিদ্ধাৰ্থ এছ শ্বোৱাইনে কয় যে নিৰাপত্তাজনিত কাৰণত মাহজোৰা কাৰ্তিক উপবাস পালন কৰা ভক্তকে ধৰি সকলো তীৰ্থযাত্ৰীয়ে মন্দিৰলৈ যোৱাৰ পৰা বিৰত থাকিব লাগে।
ইফালে শ্ৰী জগন্নাথ মন্দিৰ প্ৰশাসনে এক বিবৃতিত কয় যে দৈনন্দিন ৰীতি-নীতি বজাই ৰাখি মন্দিৰৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, শুকুৰবাৰে পুৱতি নিশা যেতিয়া ধুমুহা ‘দানা’ উপকূলীয় অঞ্চলত প্ৰৱেশ কৰিব, তেতিয়া পুৰী জিলাত ঘণ্টাত সৰ্বোচ্চ ৮০ কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা আছে।
জানিব পৰা মতে, প্ৰচণ্ড বতাহ আৰু বৰষুণৰ পৰা মন্দিৰটোক ৰক্ষা কৰিবলৈ প্ৰশাসনে মন্দিৰৰ দুৱাৰ-খিৰিকীসমূহ তন্নতন্নকৈ পৰীক্ষা কৰিছে। লগতে পুৰীৰ বাহিৰৰ পৰা অহা ভক্তক সুৰক্ষিত স্থানত ৰখাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। বৃদ্ধা মহিলা আৰু কাৰ্তিক ব্ৰত পালন কৰা সকলৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
উল্লেখ্য যে, ২৪ অক্টোবৰৰ নিশা প্ৰায় ২ বজাত ওড়িশাৰ উপকূলত খুন্দা মাৰিব ঘূৰ্ণীবতাহ ‘দানা’ই । ইয়াৰ প্ৰভাৱ পশ্চিম বংগতো পৰিব। বৰ্তমান উপকূলীয় অঞ্চলত ঘণ্টাত প্ৰায় ৭০ কিলোমিটাৰ বেগত বতাহ বলি আছে।