দেওবাৰে আল আমেৰাট ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত শ্ৰীলংকা এ’ দলক ৭ উইকেটত পৰাস্ত কৰি পুৰুষৰ এ চি চি টি-২০ ইমাৰ্জিং টিমছ এছিয়া কাপ ২০২৪ৰ খিতাপ দখল কৰে আফগানিস্তান এ’দলে।
দেওবাৰে অনুষ্ঠিত হোৱা মেচখনত টছত জয়লাভ কৰাৰ পাছত শ্ৰীলংকাৰ অধিনায়ক নুৱানিডু ফাৰ্নাণ্ডোৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। শ্ৰীলংকা দলটোৰ বেটিং বিপৰ্যয়ৰ বাবে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেট হেৰুৱাই মাত্ৰ ১৩৩ ৰানহে কৰিবলৈ সক্ষম হয়। শ্ৰীলংকা দলৰ হৈ ছাহান আৰাচিগে ৬৪ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে।
ইফালে আফগান বলিং আক্ৰমণৰ নেতৃত্ব দি বিলাল ছামিয়ে চাৰি অভাৰত মাত্ৰ ২২ ৰান খৰছ কৰি তিনিটা উইকেট দখল কৰে। আল্লাহ গাজানফৰেও দুটা উইকেট দখল কৰে।
আনহাতে ৰান চেজৰ সময়ত আফগানিস্তান দলৰ আৰম্ভণি মুঠেই সন্তোষজনক নাছিল। প্ৰথম বলতেই শ্ৰীলংকাৰ বেগী বলাৰ সাহান আৰাচিগে অপেনাৰ আকবৰীক পেভেলিয়নলৈ উভতাই পঠিয়ায়। অৱশ্যে অটল আৰু দৰবেশ ৰছুলীৰ মাজত হোৱা পাৰ্টনাৰশ্বিপৰ সহায়ত আফগানিস্তানক শক্তিশালী স্থিতিত উপনীত কৰোৱায়।
আফগানিস্তানৰ ছেদিকুল্লাহ অটলে ৫৫ ৰান, কৰীম জনতৰ ৩৩ ৰানৰ সহায়ত আফগানিস্তান দলে ফাইনেল জয়ী হ’বলৈ সক্ষম হয়।