ভাৰতত EVM ব্যৱহাৰ হয় নিৰ্বাচনত। সময়ে সময়ে ই ভি এমক লৈ চলে তীব্ৰ বিতৰ্ক। ই ভি এম হাটাও দেশ বাচাও শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল ভাৰতত।
কিন্তু জানেনে বিকশিত দেশ আমেৰিকাত আকৌ নিৰ্বাচনত ব্যৱহাৰ নহয় ই ভি এম মেচিন। আমেৰিকাত ব্যৱাহৰ কৰা বেলট পেপাৰ। আমেৰিকাৰ নিৰ্বাচনত ১৮০০ দশকতে উলিয়াইছিল ভোটিং মেচিন। কিন্তু আজিও আমেৰিকাত ভোটিং মেচিনৰ পৰিবৰ্তে ব্যৱহাৰ হয় বেলট পেপাৰ।
ইযাৰ পূৰ্বে EVM মেচিন বিসংগতি পূৰ্ণ অথবা হেক কৰিব পাৰে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল বিশ্বৰ ধনী ব্যক্তি এলন মাস্কে। এলন মাস্কে কৈছিল ইলেকট্ৰনিক ভোটিং মেচিন আঁতৰাই দিব লাগে। EVM মানুহৰ লগতে AIয়েও হেক কৰিব পাৰে। স্পেচ এক্সৰ CEO এল’ন মাস্কৰ এই পোষ্টৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এল’ন মাস্কৰ মতে EVM হেক কৰিব পাৰে হেকাৰ। লগতে মানুহেও খেলি মেলি কৰিব পাৰে EVM। ভৱিষ্যতে AI আৰু মানুহৰ দ্বাৰা EVM যে হেক হ’ব তাৰ আশংকা প্ৰকাশ কৰিছে এল’ন মাস্কে। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ দাবীদাৰ ৰবাৰ্ট এফ কেনেডিয়ে EVMৰ খেলিমেলিৰ কথা লিখি ৰাজহুৱা কৰিছিল। এইবাৰ এল’ন মাস্কে EVM আঁতৰাই দিব লাগে বুলি ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।