ৰঙা চীনক এইবাৰ ভাৰতৰ অস্ত্ৰৰে উত্তৰ দিব ফিলিপাইনছে। ফিলিপাইনেছ শেহতীয়াকৈ ভাৰতৰ পৰা ক্ৰয় কৰিছে ব্ৰহ্মছ ছুপাৰছনিক জাহাজ।
ফিলিফাইন্সে ভাৰতৰ পৰা দ্ৰুত ছুপাৰছনিক মিছাইল ব্ৰহ্মছ জাহাজ ক্ৰয় কৰিছে। চীনৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে ব্ৰহ্মছ। ফিলিপাইন্সে ইতিমধ্যে দক্ষিণ চীন সাগৰ টাৰ্গেট কৰি স্থাপন কৰিছে মিছাইল ব্ৰহ্মছ জাহাজ বেজ। ফিলিপাইন্সে ইচ্ছা কৰিলে চীনৰ যুদ্ধপোট, ড্ৰোণ, যুদ্ধ বিমান উৰুৱাই দিব পাৰে।
নতুনকৈ স্থাপন কৰা ব্ৰহ্মছ বেজ স্থাপন কৰিছে ফিলিপাইন্সৰ পশ্চিমৰ লুজানত। উপগ্ৰহৰ পৰা লোৱা যুদ্ধ বেজৰ ফটোৱে ইতিমধ্যে প্ৰকাশ কৰিছে ফিলিপাইন্সৰ প্ৰস্তুতি। ফিলিপাইন্সে ২০২২ত ভাৰতৰ সৈতে চুক্তি কৰি ক্ৰয় কৰিছিল ব্ৰহ্মছ। চীনৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ফিলিপাইন্সে ভাৰতৰ পৰা অস্ত্ৰ ক্ৰয় কৰি সাজু হৈ উঠিছে। চীনৰ অতপালি সহিব নোৱাৰি ফিলিপাইন্সে সহায় বিচাৰিছিল ভাৰতৰ। ভাৰতৰ পৰা ২০২২ত ৩১৩১ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছিল ব্ৰহ্মছ। দুবছৰ পিছত ফিলিপাইন্সক ভাৰতে প্ৰদান কৰিছিল বিশ্বৰ আটাইতকৈ দ্ৰুত মিছাইল নিক্ষেপ কৰিব পৰা ব্ৰহ্মছ।