কংগ্ৰেছ নেতা গুলাম আহমেদ মিৰৰ এটা বক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহ-প্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই কয় যে মিৰে অনুপ্ৰৱেশকাৰীক এল পি জি চিলিণ্ডাৰ দিয়াৰ কথা ঘোষণা কৰি কংগ্ৰেছ দলে ভোট বেংকক সন্তুষ্ট কৰিবলৈ এই কাম কৰিছে।
হিমন্ত বিশ্ব শৰ্মাই কয়, ‘গুলাম আহমেদ মিৰে অনুপ্ৰৱেশকাৰীক এল পি জি চিলিণ্ডাৰ দিম বুলি কৈছে, অনুপ্ৰৱেশকাৰীক “ভূমি আৰু কন্যা” দুয়োটা দি আছে কাৰণ তেওঁলোক কংগ্ৰেছৰ ভোট বেংক। এয়া ৰাহুল গান্ধীৰ ভাষা। তেওঁ (গুলাম আহমেদ মিৰ) ৰাহুল গান্ধীৰ অনুমোদন অবিহনে এনে কথা ক’ব নোৱাৰে। আমি অনুপ্ৰৱেশকাৰীৰ সৈতে কংগ্ৰেছক বাংলাদেশলৈ পঠিয়াব লাগে।’
উল্লেখ্য যে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ঝাৰখণ্ডৰ প্ৰভাৰী গুলাম আহমেদ মিৰে বৃহস্পতিবাৰে (১৪ নৱেম্বৰ) প্ৰতিশ্ৰুতি দিয়ে যে যদি তেওঁলোকৰ দল ক্ষমতালৈ আহে তেন্তে ৰাজ্যখনৰ সকলো নাগৰিক, অনুপ্ৰৱেশকাৰী হওক বা নহওক, ৪৫০ টকাত গেছ চিলিণ্ডাৰ দিয়া হ’ব।
তেওঁৰ এই বক্তব্যৰ পিছতে তীব্ৰ বাক বিতণ্ডাত লিপ্ত হৈছে বিজেপি আৰু কংগ্ৰেছ। এই বক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিয়ে।
বিজেপিৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছত ঝাৰখণ্ড প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গুলাম আহমেদ মিৰৰ বক্তব্য বিজেপিয়ে বিকৃত কৰিছে বুলি মন্তব্য কৰিছে।
ইফালে, এই বক্তব্যৰ পিছত উদ্ভৱ হোৱা ৰাজনৈতিক বিতৰ্কৰ সন্দৰ্ভত ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুখপাত্ৰ মনোজ পাণ্ডেই কয়, ‘বিজেপিৰ অনুপ্ৰৱেশৰ সংজ্ঞাত অনুপ্ৰৱেশকাৰী মানে মুছলমান। এয়াই হৈছে ভাৰতীয় জনতা পাৰ্টিৰ চিন্তা। এই চিন্তা সন্দৰ্ভত গুলাম আহমেদ মিৰে এই মন্তব্য কৰিছিল। তেওঁ কৈছে যে আমি যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছো সেই প্ৰতিশ্ৰুতি অনুসৰি সকলো ধৰ্মৰে লোকক চিলিণ্ডাৰ প্ৰদান কৰা হ’ব। ইয়াত কোন হিন্দু আৰু কোন মুছলমান দেখা নাযায়।’