চৰকাৰী নহয় বা কোনো ডাঙৰ প্ৰতিষ্ঠানত নহয়। কফি হাউছত চাকৰিৰ বাবে দীঘলীয়া শাৰী পাতিছে যুৱক-যুৱতীয়ে। নিবনুৱাই সাধাৰণ এটা ব্যক্তিগত চাকৰি বিচাৰি হাহাকাৰ খাইছে কানাডাত। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ মতে কানাডাত ভাৰতীয় আৰু বিদেশী যুৱক-যুৱতীয়ে কফি হাউছত চাকৰি লাভৰ বাবে এতিয়া শাৰী পাতিবলগীয়া হৈছে। কানাডাৰ কফি হাউছ টিম হাৰ্টনছৰ বাহিৰত দেখা গৈছে ভাৰতীয় আৰু বিদেশী যুৱক-যুৱতী। ইণ্টাৰভিউ দিবৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিছে যুৱক-যুৱতীসকলে। কানাডাৰ টিম হাৰ্টনছ আউটলেটত চাকৰিৰ বাবে দীঘলীয়া শাৰী পতা এটা ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’ ছ’চিয়েল মিডিয়াৰ ইনষ্টাগ্ৰামত আপলোড কৰিছে এজন ছাত্ৰই। কানাডাত সঁচাকৈয়ে এতিয়া চাকৰি নোহোৱা হৈছে নেকি? কানাডাত নিবনুৱাই লাভ কৰা নাই নেকি চাকৰি?