ডোনাল্ড ট্ৰাম্পৰ এটা বাক্যই হাঁহি বিৰিঙাইছে ভাৰতীয় ছাত্ৰৰ মুখত। ডোনাল্ড ট্ৰাম্প যদি শাসনলৈ পুনৰবাৰ আহে তেন্তে ভাৰতীয় ছাত্ৰই লাভ কৰিব এটা বিশেষ সুবিধা।
ট্ৰাম্পৰ এটা নিৰ্বাচনী প্ৰতিশ্ৰুতিত সন্তুষ্ট হৈ পৰিছে আমেৰিকাত থকা ভাৰতীয় ছাত্ৰ। যদিহে ট্ৰাম্প পুনৰবাৰ আমেৰিকাৰ বাঘজৰী ধৰিবলৈ সক্ষম হয় তেন্তে আমেৰিকাত গ্ৰেজুৱেশ্যন কৰা ভাৰতীয় ছাত্ৰক গ্ৰীণ কাৰ্ড দিব ট্ৰাম্প চৰকাৰে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত এই প্ৰতিশ্ৰুতি দিলে ট্ৰাম্পে। আমেৰিকাত পঢ়ি থকা বিদেশী ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া এক ডাঙৰ খবৰ বুলি বিবেচিত হৈছে। সাধাৰণতে আমেৰিকাত গ্ৰীণ কাৰ্ড লাভ কৰাটো ইমান সহজ নহয়। আমেৰিকাৰ বাসিন্দা হ’বৰ বাবে আপোনাক লাগিব গ্ৰীণ কাৰ্ড। কিন্তু এইবাৰ ডোনাল্ড ট্ৰাম্প শাসনলৈ আহিলে বিদেশৰ শিক্ষাৰ্থীয়ে আমেৰিকাত গ্ৰেজুৱেশ্যন কৰিলে প্ৰদান কৰিব গ্ৰীণ কাৰ্ড। ট্ৰাম্প চৰকাৰ যদি গঠন হয় তেন্তে আমেৰিকাৰ কলেজত পঢ়ি থকা ভাৰতৰ লগতে বিদেশৰ শিক্ষাৰ্থীক প্ৰদান কৰিব গ্ৰীণ কাৰ্ড। এই গ্ৰীণ কাৰ্ড পোৱাৰ লগে লগে আমেৰিকাৰ স্থায়ী বাসিন্দা হৈ পৰিব শিক্ষাৰ্থীসকল। ট্ৰাম্পে মন্তব্য কৰে যে আমেৰিকাত পঢ়া শুনা কৰি স্বদেশলৈ ঘূৰি গৈ ছাত্ৰসকল আৰবপতি হৈ পৰে। তাতকৈ আমেৰিকাতে থাকি শিক্ষাৰ্থীসকল আৰবপতি হ’ব পাৰে। সেয়ে ট্ৰাম্প শাসনলৈ আহিলে বিদেশৰ শিক্ষাৰ্থীক প্ৰদান কৰিব গ্ৰীণ কাৰ্ড। আমেৰিকাৰ কলেজত গ্ৰেজুৱেশ্যন কৰা শিক্ষাৰ্থীক ডিপ্লমাৰ পৰিবৰ্তে দিয়া হ’ব গ্ৰীণ কাৰ্ড। ট্ৰাম্পৰ এই ঘোষণাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে আমেৰিকাত পঢ়ি থকা ভাৰতীয় শিক্ষাৰ্থীসকল।