প্ৰচণ্ড শীত লহৰৰ মাজতে নায়াব সিং চাইনী নেতৃত্বাধীন হাৰিয়ানা চৰকাৰে বন্ধ ঘোষণা কৰিছে ৰাজ্যখনৰ সকলো বিদ্যালয়। চৰকাৰৰ ঘোষণা অনুসৰি, ৰাজ্যখনৰ সকলো বিদ্যালয় ১ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ বন্ধ থাকিব।
প্ৰচণ্ড শীতৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ঘোষণা কৰা এই বন্ধ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।
হাৰিয়ানা চৰকাৰৰ নিৰ্দেশনা অনুসৰি, এই শীতকালীন বন্ধৰ সময়ছোৱাত CBSE ব’ৰ্ড, ICASE ব’ৰ্ডৰ নিয়ম অনুসৰি, ব’ৰ্ডৰ নিৰ্ধাৰিত সূচীৰ বাবে দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক প্ৰেক্টিকেলৰ বাবে বিদ্যালয়লৈ মাতিব পাৰে।
১৬ জানুৱাৰিৰ পৰা বিদ্যালয় সমূহত পুনৰ আৰম্ভ হ’ব পাঠদান। অৱশ্যে বিদ্যালয় খোলাৰ পিছত পাঠদানৰ সময় একেই থাকিব নে বেলেগ হ’ব সেই বিষয়ে জানিব পৰা হোৱা নাই।
উল্লেখ্য যে, হাৰিয়ানাত সম্প্ৰতি অব্যাহত আছে শীতৰ লহৰ। হাৰিয়ানাৰ নাৰ্নাউলত সৰ্বনিম্ন তাপমাত্ৰা ৪.৫ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে ছিৰছাত সৰ্বনিম্ন উষ্ণতা ৫ ডিগ্ৰী চেলছিয়াছ। ৰাজ্যখনৰ বিভিন্ন স্থানত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিদ্যালয় বন্ধ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।