দেশত HMPV অৰ্থাৎ হিউমেন মেটাপনিউমোভাইৰাছৰ ৰোগী ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। নাগপুৰতো নতুনকৈ এই ভাইৰাছত সংক্ৰমিত হোৱা দুজন ৰোগী ধৰা পৰিছে। এই পৰ্যন্ত দেশত ৭ জন লোক এই ভাইৰাছৰ বলি হৈছে।
ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই সোমবাৰে ভিডিঅ’ বিবৃতি প্ৰকাশ কৰি কয় যে, HMPV নতুন নহয় আৰু বহু স্বাস্থ্য বিশেষজ্ঞই স্পষ্ট কৰি দিছে যে এই ভাইৰাছ প্ৰথমে ২০০১ চনত চিনাক্ত কৰা হৈছিল আৰু তেতিয়াৰ পৰাই ই সমগ্ৰ বিশ্বতে বিয়পি পৰিছে।
তেওঁ কয় যে, HMPV শ্বাস-প্ৰশ্বাসৰ জৰিয়তে বায়ুৰ জৰিয়তে বিয়পে আৰু ই সকলো বয়সৰ লোকক আক্ৰান্ত কৰিব পাৰে। বিশেষকৈ শীত আৰু বসন্ত কালত ইয়াৰ প্ৰাদুৰ্ভাৱ দেখা যায়।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, শেহতীয়াকৈ চীনত HMPV ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ খবৰ আহিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়, ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ) আৰু নেচনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল (এনচিডিচি)য়ে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।
বিশ্ব স্বাস্থ্য সংস্থাইও ইয়াৰ প্ৰতি গুৰুত্ব দিছে আৰু শীঘ্ৰে ইয়াৰ প্ৰতিবেদন শ্বেয়াৰ কৰিব। তেওঁ স্পষ্ট কৰি দিয়ে যে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ আৰু ইন্টিগ্ৰেটেড ডিজিজ চাৰ্ভিলেন্স প্ৰগ্ৰেমে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত কোনো সাধাৰণ শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছৰ সংক্ৰমণৰ বিশেষ বৃদ্ধি হোৱা দেখা পোৱা নাই।
ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছেও HMPVক লৈ আতংকিত নহ’বলৈ আহ্বান জনায়। সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে, এই ভাইৰাছ নতুন নহয়, ইয়াৰ পূৰ্বেও আবিৰ্ভাৱ হৈছে আৰু এতিয়া আকৌ এবাৰ ইয়াৰ প্ৰভাৱ দেখা গৈছে। এই সন্দৰ্ভত নিয়মাৱলী শীঘ্ৰে ঘোষণা কৰা হ’ব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্যসমূহক তথ্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰি সংবাদ মাধ্যমক কেৱল চৰকাৰী তথ্যহে সম্প্ৰচাৰ কৰিবলৈ আহ্বান জনায়।
ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিবে জাৰি কৰা তথ্যত কোৱা হৈছে যে, এইচ এম পি ভি সংক্ৰমণ সাধাৰণতে স্ব-সীমিত, অৰ্থাৎ নিজাববীয়াকৈ ইয়াৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। ইয়াৰ বাবে পৰ্যাপ্ত জিৰণি আৰু হাইড্ৰেচনৰো প্ৰয়োজন।